নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰ লোক সকললৈ ৫০ লাখ টকাৰ চাউল সৌৰভ গাংগুলীৰ

87

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা । এই ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ কেইবাখনো দেশে লক ডাউন ঘোষণা কৰাৰ পিছতে ভাৰততো ঘোষণা কৰা হয় লকডাউন। লকডাউনৰ ফলত সমগ্ৰ দেশৰ দৈনন্দিন কাৰ্যসমূহ স্তব্ধ হৈ যোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে একাংশ দৰিদ্ৰ লোক। এই লোকসকলক সহায়ৰ উদ্দেশ্যৰে আগবাঢ়ি আহিল বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী।

পশ্চিমবংগস্থিত লাল বাবা ৰাইচ মিলৰ সহযোগত ৫০ লাখ টকাৰ বিনীমূলীয়া চাউলৰ সাহায্য  দিব বুলি বৃহস্পতিবাৰে ঘোষণা কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে । গাংগুলীৰ এনে পদক্ষেপে এতিয়া উৎসাহিত কৰিছে সকলোকে। গাংগুলীৰএই পদক্ষেপৰ পিছতেই দৰিদ্ৰলোকক সহায় কৰিবলৈ আগবাঢ়ি চৰকাৰৰ আপাতকালীন সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়ায় ক্ৰিকেট এছচিয়েছন অফ বেংগলৰ সভাপতি অভিষেক ডালমিয়াই ।

You might also like