নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ মহল্লা ক্লিনিকৰ চিকিৎসকৰ শৰীৰত ক’ৰোনাঃ ৯০০ জনক কোৱাৰেণ্টাইন

88

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ মহল্লা ক্লিনিকৰ এজন চিকিৎসকৰ শৰীৰত ক’ভিড ১৯ ৰ অৱস্থিতি পোহৰলৈ অহাৰ পাচতেই এতিয়া আতংক বিৰাজ কৰিছে দিল্লীত । সেইগৰাকী চিকিৎসকৰ কন্যা আৰু পত্নীৰ শৰীৰতো পোৱা গৈছে মহামাৰী ক’ৰোনা । ইতিমধ্যে চিকিৎকগৰাকীৰ সংস্পৰ্শলৈ অহা ৯০০ গৰাকী লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে ।

উল্লেখ্য যে, চিকিৎসক গৰাকীৰ শৰীৰত ক’ৰোনাৰ লক্ষণ দেখা পোৱাৰ পাচতেই পৰীক্ষাৰ অন্তত পোহৰলৈ আহে ক’ভিড – ১৯ পজিটিভ । বৰ্তমানলৈকে দিল্লীত ৩৬ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে যদিও এই ঘটনাৰ পাচতেই এতিয়া বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে । এইগৰাকী চিকিৎসকৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোৱাৰেণ্টাইন কৰা হৈছে । ইতিমধ্যে দিল্লীৰ এগৰাকী ৩৮ বছৰীয়া মহিলা সেই ক্লিনিকলৈ অহাৰ পাচতেই তেওঁৰ শৰীৰতো ক’ৰোনা ভাইৰাছ পোৱা গৈছে । লগতে তেওঁৰ পৰিয়ালৰ একাধিক সদস্যৰ শৰীৰলৈও সংক্ৰমিত হৈছে এই মহামাৰী ।

You might also like