নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত পৰাজয়ৰ মূলতে বিতর্কিত মন্তব্য- অমিত শ্বাহ

86

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ কেইটামান দলৰ নেতাই কৰা বিতর্কিত মন্তব্যৰ বাবে দিল্লী নির্বাচনত পৰাস্ত হ’ব লগা হ’ল বিজেপি৷ এই মন্তব্য কৰিছে ‘টাইমছ নাও’ৰ সৈতে হোৱা এক আলোচনাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷

অৱশ্যে তেওঁ দিল্লীত পৰাজয়ৰ বাবে ‘কা’ আৰু এনআৰচিক দোষ দিবলৈ দৃঢ়তাৰে অস্বীকাৰ কৰে৷ গৃহমন্ত্রী শ্বাহে কয় ‘গুলী মাৰো’, ‘ইণ্ডো–পাক মেচ’ আদিৰ দৰে মন্তব্য নির্বাচনী প্রচাৰৰ সময়ত বিজেপি নেতাসকলে কৰা নাছিল৷ বিজেপিয়ে এনেধৰণৰ মন্তব্যৰ পৰা দূৰত্ব বজাই ৰাখিছিল৷

You might also like