নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ পৃথিৱীলৈ প্ৰকৃতিৰ এক বাৰ্তাঃ ইঙ্গাৰ এণ্ডাৰছন

115

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ আমি যদি প্ৰকৃতিৰ সমীহ নকৰো তেন্তে আমি নিজকো যত্ন কৰিব নোৱাৰো । (if you dont care of nature, you cant take care of yourselves) ।
ক’ৰোনা ভাইৰাছক লৈ বিশ্বজুৰি চলি থকা অচলাৱস্থা পৰিস্থিতিৰ মাজতে এই মন্তব্য আগবঢ়াইছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বিভাগৰ মুৰব্বী  ইঙ্গাৰ এণ্ডাৰছনে । বৃহস্পতিবাৰে এক টুইটযোগে তেওঁ কয়,
“বন্য প্ৰজাতিৰ প্ৰতি কৰি অবিৰতভাৱে কৰি থকা ধ্বংসাত্মক কাৰ্যই আমাক এনেধৰনৰ ৰোগসমূহ মানৱ শৰীৰলৈ বিয়পাৰ দিশে লৈ গৈছে। আমি যদি প্ৰকৃতিৰ সমীহ কৰিব নকৰো তেন্তে আমি নিজকো সমীহ কৰিব নোৱাৰো।”

উল্লেখ্য যে, চীন দেশৰ য়ুহান চহৰত উপকেন্দ্ৰ হোৱা এই ভাইৰাছ এতিয়া কেইবাখনো শক্তিশালী দেশত বিয়পি পৰিছে । এই ভাইৰাছে হাজাৰ হাজাৰ লোকৰ প্ৰাণ লোৱাৰ বিপৰীয়ে এই পৰ্যন্ত বিশ্বজুৰি লক্ষাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ।

You might also like