নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ’ণা আতংকঃ ভিডিঅ’কল যোগে সম্পন্ন হ’ল নিকাহ

73

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ কৰ’ণা ভাইৰাছৰ বাবে জনতাৰ সমাগমৰে বিবাহ অনুষ্ঠান নিষিদ্ধ কৰাৰ কাৰণেই বিহাৰত ভিডিঅ’ কলযোগে নিকাহ সম্পন্ন কৰিলে এহাল দম্পতীয়ে। ৰাজ্যখনত চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজধানী পাটনাত ইতিপূৰ্বে বিবাহৰ দিন নিৰ্ধাৰিত হৈ থকাত ভিডিঅ’ কলযোগে নিকাহ সম্পন্ন কৰাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছে। বিবাহৰ অভিনৱ পন্থা গঠন কৰি বিহাৰৰ দম্পতীয়ে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে যুগ্ম জীৱন আৰম্ভ কৰিলে। ২৩ ছেকেণ্ডৰ ভিডিঅ’ ফুটেজত কইনাই নিজৰ বাসগৃহত আৰু দৰাই নিজৰ বাসগৃহত পৰিয়ালৰ কেইজনমান লোকৰ মাজত ভিডিঅ’কল যোগে ধৰ্মীয় পৰম্পৰাৰে নিকাহ সম্পন্ন কৰে।

You might also like