নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কা’ৰ ওপৰত নাটক মঞ্চস্থ কৰি ৰোষত এখন বিদ্যালয়; দেশদ্ৰোহৰ গোচৰ ৰুজু

58

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ কৰ্ণাটকৰ বীদৰত সংশোধিত নাগৰিকত্ব আইন আৰু এন আৰ চিৰ বিৰুদ্ধে নাটক কৰিবলৈ অনুমতি দিয়াৰ পাছতে বিদ্যালয়খনৰ বিৰুদ্ধে এতিয়া দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছে । লগতে এই নাটকখনত প্ৰধানমন্ত্ৰী মোদীক বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল ।

আৰক্ষীয়ে জনোৱা মতে, সমাজকৰ্মী নীলেশ ৰক্ষয়ালৰ অভিযোগৰ ভিত্তিতে ২৬ জানুৱাৰীত এটা গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ মতে, বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ হতোৱাই ২১ জানুৱাৰীত কা’ৰ সন্দৰ্ভত এখন নাটক মঞ্চস্থ কৰিছিল । য’ত প্ৰধানমন্ত্ৰী মোদীক বেয়া শব্দ প্ৰয়োগ কৰি গালিগালাজ কৰা হৈছিল ।

ইতিমধ্যে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই ।

You might also like