নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়াৰ ১০০ শতাংশ বিক্ৰীৰ পৰিকল্পনা কেন্দ্ৰৰ

54

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ঋণগ্ৰস্ত এৰিয়া ইণ্ডিয়া সমস্ত শ্বেয়াৰ বিক্ৰীৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰৰ তৰফৰ পৰা প্ৰকাশিত এক বিজ্ঞপিত জনোৱা হয় যে, ঘৰুৱা আৰু আন্তৰ্জাতিক পৰিসেৱা প্ৰদানকাৰী জাতীয় উড়ন সংস্থাৰ ১০০ শতাংশ শ্বেয়াৰ বিক্ৰীৰ পৰিকল্পনা কৰা হৈছে । সেই উদ্দেশ্যে আগ্ৰহী সংস্থা আৰু ব্যক্তিৰ পৰা আহ্বান কৰা হৈছে আবেদন ।

ইয়াৰ পূৰ্বে ২০১৮ বৰ্ষত এয়াৰ ইণ্ডিয়াৰ ৭৬ শতাংশ শ্বেয়াৰ বিক্ৰী কৰাৰ চেষ্টা চলাইছিল যদিও ই কাৰ্যকৰী হৈ নুঠিল । দেওবাৰে প্ৰকাশিত এই বিজ্ঞপতিত আবেদন কৰাৰ সময়সীমা ৰখা হৈছে ১৭ মাৰ্চ পৰ্যন্ত । ইচ্ছুক আবেদনকাৰী সংস্থা অথবা ব্যক্তিৰ প্ৰায় ৩.২৬ বিলিয়ন ডলাৰ অৰ্থাত ভাৰতীয় মূল্য অনুসৰি প্ৰায় ২,৩৩,৫৬,৪৬,৫৫,০০,০০০ টকাৰ ঋণ সহ অন্যান্য দায়িত্ব গ্ৰহণ কৰিব পৰা ক্ষমতা থাকিব লাগিব ।

You might also like