নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ পোচাক পিন্ধি দুই ভগ্নীক উপৰ্যুপৰি ধৰ্ষণ

99

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ উত্তৰ প্ৰদেশৰ চম্বল জিলাৰ বেহজয়ীত দেওবাৰে সংঘটিত হোৱা এক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । আৰক্ষীৰ কনিষ্টবলৰ পোচাক পিন্ধি অহা এজন অচিনাক্ত লোকে ধৰ্ষণ কৰে দুগৰাকী ভগ্নীক ।

ঘটনা অনুসৰি, এখন বাহনত অহা আৰক্ষীৰ পোচাকধাৰী অচিনাক্ত লোকজনে প্ৰথমে যুৱতী দুগৰাকী বাস কৰা ঘৰটোত প্ৰৱেশ কৰে । তাৰপাছত পৰিয়ালৰ আন সদস্যসকলক সুৰাৰ ব্যৱসায় কৰাৰ আৰোপ লগায় । আৰু দুয়োগৰাকী ভগ্নীক তেওঁৰ সৈতে আৰক্ষী থানালৈ যোৱাৰ কথা কয় ।

ইয়াৰ পাছত দুয়োগৰাকী ভগ্নীক এখন জংঘললৈ নি উপৰ্যুপৰি ধৰ্ষণ কৰে । এই অপৰাধৰ ঘটনা সংঘটিত কৰি লোকজন ঘটনাস্থলীৰ পৰা আঁতৰি যায় ।

ইপিনে যুৱতীদুগৰাকীয়ে ঘটনাৰ কিছুসময়ৰ পাছত পুনৰ ঘৰত উপস্থিত হয় আৰু তেওঁলোকৰ সৈতে সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ বিষয়ে পৰিয়ালৰ লোকসকলক অৱগত কৰে ।

ইফালে এই ঘটনাৰ পাছত পৰিয়ালটোৱে সমীপৰ বেহজয়ী আৰক্ষী থানাৰ কাষ চাপে । কিন্তু আৰক্ষীয়ে তেওঁলোকৰ ঘৰলৈ কোনো আৰক্ষীকে পঠোৱা নাছিল বুলি স্পষ্ট কৰে ।

অৱশ্যে এই সম্পূৰ্ণ ঘটনাৰ ওপৰত এটা গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে আৰক্ষীয়ে সম্পূৰ্ণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

You might also like