নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বালাকোট এয়াৰ ষ্ট্ৰাইকৰ এবছৰ

21

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ বালাকোট এয়াৰ ষ্ট্ৰাইকৰ আজি এবছৰ সম্পূৰ্ণ হৈছে। যোৱা বছৰৰ আজি দিনটোতেই ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছিল। উল্লেখ্য যে যোৱা বৰ্ষতেই ১৪ ফেব্ৰুৱাৰী দিনা জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাটী আক্ৰমণত ৪০ জন চিৰআৰপিএফৰ জোৱান শ্বহীদ হৈছিল।
পুলৱামাৰ স্বহীদ হোৱা ৪০ জন জোৱানৰ প্ৰতিশোধ লবলৈ ভাৰতে ১২ খন মিৰাজ যুঁজাৰু বিমানে ভাৰত পাক সীমা অতিক্ৰম কৰি পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত স্পাইচ ১০০০ কিঃগ্ৰাঃ বোমা নিক্ষেপ কৰি সম্পূৰ্ণৰূপে ধব্বংস কৰিছিল। ভাৰতীয় বায়ুসেনাৰ এই আক্ৰমণত বহু সংখ্যক সন্ত্ৰাসবাদী নিহত হৈছিল।

বালাকোটৰ এয়াৰষ্ট্ৰাইকৰ এবছৰ উপলক্ষে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাসবাদীৰ বিৰোধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় যে ২০১৬ৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ৰ বালাকোট এয়াৰ ষ্ট্ৰাইকে ইয়াৰ প্ৰমাণ।

You might also like