নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতর্ক–সাৱধানতাৰ বিকল্প নাই

   অসমত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ছহাজাৰৰ ঘৰ অতিক্রম কৰিলে৷ এই সময়ছোৱাত ভাইৰাছবিধৰ সংক্রমণে গুৱাহাটী মহানগৰৰ পৰিৱেশ ইমানেই স্পর্শকাতৰ আৰু বিপজ্জনক কৰি তুলিলে যে চৰকাৰে ডপায়–ন্তৰ নেদেখি মহানগৰৰ ১১টা ৱার্ডত লকডাডন ঘোষণা কৰিবলগীয়া হ’ল৷ অর্থাৎ জনসাধাৰণক কঠিন পৰীক্ষা এটাৰ মাজলৈ ঠেলি দিবলগীয়া হ’ল৷ কিয়নো ৰাজ্যখনত বর্তমান আনলক–১ চলি আছে৷ আনলক–১ৰ অর্থ হ’ল– কঠোৰতাৰ পৰা স্বাভাৱিক জীৱনৰ দিশে প্রথমটো খোজ৷ ইয়াৰ অধীনত ৰাজ্যখনত লকডাডনৰ নীতি–নিয়ম ইমানেই শিথিল কৰি দিয়া হৈছে যে জনসাধাৰণে কিছু সামাজিক দায়িত্ব পালন কৰাৰ বাহিৰে আৰু যান–বাহনৰ চলাচল তথা নৈশ সান্ধ্য আইনৰ বাহিৰে অসমত এতিয়া বিশেষ কঠোৰতা নাই বুলিয়েই ক’ব পাৰি৷ এনে অৱস্থাত কোনো এটা অঞ্চলত যদি সম্পূর্ণ লকডাডন ঘোষণা কৰা হয়, তেন্তে বুজিব লাগিব পৰিস্থিতি সঁচাকৈ ভয়ংকৰ৷ বিপজ্জনক৷ আনহাতে, আনলক–১ৰ পৰা সম্পূর্ণ লকডাডনলৈ ডভতি যোৱাটো সকলো লোকৰ বাবে সহজসাধ্য নহয়৷ পুনৰ নিজক ঘৰত আবদ্ধ কৰি ৰাখি কায়িকভাৱে বহিঃজগতৰ সৈতে বিচ্ছিন্ন হৈ ১৪ দিন থাকিবলগীয়া হোৱাটো কিমান কঠিন কাম, সেইটো বুজিবলৈ বিশেষ অসুবিধা নহয়৷ কিন্তু সমস্যাটো হ’ল– নিজৰ লগতে সমাজখনক মাৰাত্মক ভাইৰাছবিধৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ এইখিনি প্রত্যাহ্বান আৰু কঠিন সময়ক আঁকোৱালি ল’বই লাগিব৷

ক’ভিড–১৯ অদৃশ্য শত্রু৷ সেইবাবেই ভয়াৱহতা অধিক৷ যদি আক্রান্ত লোক এজনে কাৰ পৰা ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হ’ল, সেই তথ্যটো যদি ডলিয়াব পৰা নাযায়, তেন্তে বুজিব লাগিব যে অদৃশ্য শক্তিটোৱে চাৰিওফালে পিয়াপি দি ফুৰিছে৷ ই যেতিয়াই–তেতিয়াই যাকে–তাকে আক্রমণ কৰিব পাৰে৷ চৰকাৰী তথ্য অনুসৰি, গুৱাহাটীত ২৩ আৰু ২৪ জুনত এইদৰে ডৎসৰ সন্ধান নোপোৱাকৈ দুই শতাধিক লোক ভাইৰাছবিধত আক্রান্ত হৈছে৷ অকল ২৩ জুনতে ১০২গৰাকী আক্রান্ত লোকৰ ভ্রমণ বুৰঞ্জী ডপলব্ধ হোৱা নাই৷ সন্দেহজনক কোনো ঠাইলৈ নোযোৱাকৈ নতুবা ক’লৈকো নোযোৱাকৈ গুৱাহাটীত শ শ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ এই মহাসংকট যাতে অধিক ব্যাপক নহয়, তাৰ বাবেই গুৱাহাটীত সম্পূর্ণ লকডাডনৰ ব্যৱস্থা কৰা হৈছে৷ এই বাস্তৱক স্বীকাৰ কৰি এতিয়া মহানগৰবাসী অধিক সতর্ক হোৱাৰ সময় হ’ল৷ গুৱাহাটীৰ যিবোৰ ঠাইত আনলক–১ চলি আছে, তাৰো জনসাধাৰণ সতর্ক হোৱাৰ অতি আৱশ্যক৷ প্রয়োজনতহে ঘৰৰ পৰা বাহিৰলৈ ওলোৱা আৰম্ভ কৰিলে অন্ততঃ নিজৰ নিজৰ পৰিয়ালৰ লোকসকল সুৰক্ষিত হৈ থাকিব পাৰে৷ বিশেষকৈ বয়োজ্যেষ্ঠ আৰু শিশু–কেঁচুৱাক সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে বাহিৰ জগতখনৰ সৈতে কিছুদিন আঁতৰি থকাই মংগল৷ একেদৰে, লকডাডনৰ কবলত পৰা অঞ্চলসমূহৰ জনসাধাৰণে আন নহ’লেও নিজৰ স্বার্থত লকডাডনৰ বিধি ভংগ কৰিব বিচৰা কোনো লোককে সহ্য নকৰিব৷ কোনোৱে যদি বিধি ভংগ কৰি বাহিৰলৈ ওলাই গৈছে বা গোপন পথেৰে যাবলৈ চেষ্টা চলায়, তেনে লোকক তৎক্ষণাত আৰক্ষী বা প্রশাসনৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ এজন বা দুজন অবাধ্য লোকৰ বাবে সমাজ এখনক বিপদত পৰিবলৈ দিয়াটো মুঠেও সমীচীন নহ’ব৷ কিবা অসুবিধাৰ সন্মুখীন হ’লে জনসাধাৰণক সহায় কৰিবলৈ প্রশাসন বাধ্য৷

 গতিকে, প্রশাসনৰ কাষ চাপক৷ ইয়াৰ বাবে চৰকাৰ তথা প্রশাসনে বিভিন্ন ব্যৱস্থা কৰিছে৷ ফোন, ইণ্টাৰনেটৰ জৰিয়তে ভবাতকৈ অধিক কম সময়ৰ ভিতৰতে প্রশাসনৰ কাষ চাপিব পাৰি৷ আন এট গুৰুত্বপূর্ণ কথা হ’ল– সংকট কেৱল গুৱাহাটীৰেই নহয়৷ ভাইৰাছবিধক এটা সীমিত ভৌগোলিক পৰিসৰত বান্ধি ৰাখিব নোৱাৰি৷ সুযোগ–সুবিধা পালেই ই সীমাৰ পৰিধি ভাঙি গুচি যায়৷ গতিকে, সতর্ক–সাৱধানতা সমগ্র অসমৰ বাবে জৰুৰী৷ তদুপৰি, গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যখনৰ আন কেইবাঠাইতো গণসংক্রমণৰ ইংগিত পোৱা গৈছে৷ সেইবোৰ ঠাইত যদি গণসংক্রমণ অপ্রতিৰোধ্য হৈ ডঠে, ইয়াৰ কুফল সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণে ভুগিব লাগিব৷ গতিকে, আনলক–১ চলি থাকিলেও সামাজিক দূৰত্বৰ বিধি অনুসৰণ কৰি তথা অপ্রয়োজনত ঘৰৰ পৰা বাহিৰলৈ নোলাই ভাইৰাছবিধক সংক্রমণ ঘটোৱাত বাধা দিব লাগিব৷ তদুপৰি, এইকেইদিন গুৱাহাটীলৈ নহাই ভাল৷

You might also like