নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ বিমুখিতা

63

প্তাহজোৰা তীব্র উৎকণ্ঠাৰ পাছত অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত পোনপটীয়া যুদ্ধৰ সম্ভাৱনা বহুখিনি হ্রাস পালে৷ বিগত কেইটামান দিনৰ ঘটনাক্রমৰ পাছত এতিয়া সকলোৱে এই কথা বিশ্বাস কৰিব পাৰিছে যে বাস্তৱ ক্ষেত্রত মধ্যপ্রাচ্যত আন এখন ৰক্তক্ষয়ী যুদ্ধ আমেৰিকাই যিদৰে নিবিচাৰে, একেদৰে ইৰানেও নিবিচাৰে৷ তীব্র বাক্যবাণেৰে চৰম ভাবুকি প্রদান কৰাটো ৰাজনৈতিক বিবৃতিতকৈ বেছি আন একো নহয়৷ কিন্তু বাস্তৱ ক্ষেত্রত এক সামৰিক সিদ্ধান্ত লোৱাৰ সময়ত আক্রমণ–ৰক্ষণ সকলো দিশ চালি–জাৰি নাচালে ক্ষয়–ক্ষতিৰ পৰিমাণ অকল্পনীয় হৈ পৰাটো খাটাং৷ ইৰান–আমেৰিকাৰ শেহতীয়া সংঘাতৰ পৰা সামৰিক বিশেষজ্ঞসকলে এটা কথা প্রায় নিশ্চিত কৰিছে যে আধুনিক বিশ্বত কোনো দেশেই যুদ্ধৰ জৰিয়তে নিজৰ লক্ষ্য পূৰণ কৰিবলৈ সাহস নকৰে৷ সাধাৰণ দৃষ্টিত বা নেতাৰ কথা–বতৰাত এনেকুৱা ধাৰণা সৃষ্টি হ’ব পাৰে যে শক্তিশালী বুলি সর্বত্র আলোচিত এখন দেশে প্রতিপক্ষক মুহূর্ততে বিশাল সামৰিক শক্তিৰে মোহাৰি পেলাব পাৰে৷ কিন্তু এয়া ফেণ্টাচীৰ বাদে আন একো নহয়৷ কাৰণ যুদ্ধ সংঘটিত হ’লে এতিয়া উভয় পক্ষৰ ক্ষতি হোৱাটো নিশ্চিত৷ কাৰোবাৰ সামান্য ক্ষতি হ’লে আন কাৰোবাৰ ব্যাপক ক্ষয়–ক্ষতিও হ’ব পাৰে৷ অর্থাৎ আক্রমণ কৰিবলৈ গৈ কোনেও প্রতিঘাতমুক্ত হৈ ঘূৰি আহিব নোৱাৰে৷ আমেৰিকা আৰু ইৰানৰ নেতৃত্বয়ো এই কথা উপলব্ধি কৰা বুলি ক’ব পাৰি৷ কাৰণ আমেৰিকাই ড্র’ন আক্রমণযোগে বাগদাদত ইৰানৰ মেজৰ জেনেৰেল কাছেম ছুলেইমানিক হত্যা কৰাৰ পাছত সমগ্র বিশ্বযুদ্ধৰ আশংকাত সন্ত্রস্ত হৈ পৰিছিল৷ আশংকা কৰা হৈছিল যে ইৰানে ইয়াৰ ভয়ংকৰ প্রত্যুত্তৰ দিব আৰু এনে ভয়াৱহ প্রত্যাক্রমণৰ ফল বিষম হ’ব৷ এনে পৰিস্থিতিৰ মাজতে খাৰুৱা তেলৰ মূল্য এনিশাৰ ভিতৰত ৪.৫ শতাংশ বৃদ্ধি পাইছিল৷ ইয়াৰ প্রভাৱ পৰিছিল বিশ্ব অর্থনীতিত৷ কিন্তু দিন বাগৰাৰ লগে লগে উত্তেজনা সম্পূর্ণ প্রশমন নহ’লেও যুদ্ধৰ আশংকা প্রায় নির্বাপিত হৈছে৷ অৱশ্যে ইৰানে মেজৰ জেনেৰেল ছুলেইমানিৰ হত্যাৰ পোটক তোলাৰ বাবে ইৰাকত অৱস্থিত মার্কিন সেনা ছাউনীৰ ওপৰত মিছাইলেৰে আক্রমণ কৰিলে৷ এই আক্রমণৰ পাছতে ইৰানে দাবী কৰিলে যে এই ঘটনাত নিহত মার্কিন সেনাৰ সংখ্যা ৮০ৰ কম নহ’ব৷ প্রতিশোধৰ বাবে জ্বলি–পকি থকা ইৰানৰ জনতাক এই আক্রমণেৰে সন্তুষ্ট কৰিলে দেশখনৰ মুৰব্বী আয়াতুল্লা আলী খামেনীয়ে৷ দেশবাসীৰ মাজত প্রচাৰ কৰা হ’ল যে ইৰানে আমেৰিকাৰ তিনিটাকৈ সেনা ছাউনীত মিছাইল আক্রমণেৰে ধ্বংসলীলা চলাই মেজৰ জেনেৰেলজনৰ হত্যাৰ প্রতিশোধ ল’লে৷ অৱশ্যে আমেৰিকাই কোনো মার্কিন সেনা হতাহত হোৱাৰ কথা পোনছাটেই অস্বীকাৰ কৰিছে৷ তদুপৰি নিৰপেক্ষ সংস্থাসমূহে নিশ্চিত কৰা মতে ইৰানে ইৰাকত থকা পাঁচটাকৈ সেনা ছাউনীক লক্ষ্য কৰি এক ডজনৰো অধিক মিছাইল নিক্ষেপ কৰিছিল যদিও ইয়াৰ এটায়ো লক্ষ্যভেদ কৰিব নোৱাৰিলে৷

স্বাভাৱিকতে প্রশ্ণ উত্থাপন হৈছে– ইৰানৰ দৰে সর্বত্র চর্চিত সামৰিক শক্তিৰ বাবে সুপৰিকল্পিত আক্রমণৰ পাছতো ক্ষেপণাস্ত্রৰে লক্ষ্যভেদ কৰাটো অসম্ভৱ হ’ব পাৰে কেনেকৈ? কাৰণ সমগ্র বিশ্বই এই কথা জানে যে ইৰানে দেখ দেখকৈ বা গোপনে বিশাল আৰু বহুমুখী সমৰাস্ত্র মজুত কৰি ৰাখিছে৷ ইয়াৰ পাছতো ৰক্ষণৰ ক্ষেত্রত দেশখনৰ সামৰিক শক্তি দুর্বল বুলি চর্চা হ’লেও তেওঁলোকে যিকোনো ভয়ংকৰ আক্রমণ সংঘটিত কৰিবলৈ সক্ষম৷ সন্দেহ কৰা হৈছে যে আমেৰিকাৰ সৈতে প্রত্যক্ষ যুদ্ধ এৰাই চলাৰ বাবে ইৰানৰ নেতৃত্বই লক্ষ্যভেদ কৰাৰ সলনি আশে–পাশে মিছাইল নিক্ষেপণৰ পৰামর্শ দিছিল৷ অন্যথা ইৰানৰ মিছাইল আক্রমণ ইমান ব্যাপক হাৰত বিফল হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে৷ বিশ্ববাসীৰ বাবে আমেৰিকা–ইৰানৰ সংঘাতে সৃষ্টি কৰা শেহতীয়া ঘটনাক্রমক উৎসাহজনক বুলিব পাৰি৷ কাৰণ এই কথা আকৌ এবাৰ প্রমাণ হৈছে যে যুদ্ধত অৱতীর্ণ হোৱাৰ পূর্বে দেশসমূহে নিজৰ লাভ–লোকচানৰ হিচাপ কৰিবলৈ বাধ্য হৈ পৰিছে৷ ক্ষয়–ক্ষতিৰ আশংকা দুয়োপক্ষৰে থাকিবই লাগিব৷ আমেৰিকাই কৰিব পৰা ক্ষয়–ক্ষতিক লৈ নিশ্চিতভাৱে শংকিত ইৰান৷ একেদৰে ইৰাকৰ ভূমিত আমেৰিকাক সহজে ইৰানে শিক্ষা দিব বুলিও ৱাশ্বিংটন চিন্তিত৷ পৰস্পৰৰ প্রতি সৃষ্টি হোৱা এনে সমীহৰ বাবেই যুদ্ধ বিমুখিতাৰ এক পৰিস্থিতি সৃষ্টি হৈছে৷ আগন্তুক সময়ত ইৰানে হয়তো প্রমাণ গোপনে ৰাখি গুপ্ত অভিযানেৰে ছুলেইমানিৰ হত্যাৰ প্রতিশোধ লোৱাৰ চেষ্টা চলাব৷ নিশ্চিতভাৱে এই পৰোক্ষ যুদ্ধ হ’ব দীঘলীয়া৷

You might also like