নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব অর্থনীতিলৈ আশংকা

44

চীনৰ হুবেই প্রদেশৰ ৱুহানৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা মাৰাত্মক ক’ৰোনা ভাইৰাছে এতিয়া মানৱ জাতিৰ বাবেই এনে ভাবুকি কঢ়িয়াই আনিছে যে এই ভাইৰাছবিধক দানৱ আখ্যা দিবলৈ বাধ্য হৈছে বিভিন্ন আন্তর্জাতিক সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাই এই মাৰাত্মক ক’ৰোনা ভাইৰাছক সন্ত্রাসবাদীতকৈ ভয়াৱহ বুলি অভিহিত কৰিছে৷ ইতিমধ্যে ১১ শতাধিক লোকে প্রাণ হেৰুৱাইছে এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ৷ প্রায় ৪০ হাজাৰ লোক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈ চিকিৎসাধীন হৈছে৷ দেশে দেশে ক’ৰোনা ভাইৰাছৰ প্রতিৰোধৰ বাবে চিকিৎসা বিজ্ঞানীসকলে গৱেষণাগাৰত বিৰামহীন পৰীক্ষা চলাই আছে৷ কিন্তু উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই মাৰাত্মক এই ভাইৰাছবিধৰ প্রতিৰোধী ছিটা৷ অষ্ট্রেলিয়া, আমেৰিকা, চীন, ভাৰত সকলো দেশেই এতিয়া ক’ৰোনাৰ প্রতিৰোধী ছিটা উদ্ভাৱনৰ গৱেষণা চলাই থকা সময়তে বিশ্ব অর্থনীতিলৈও এই ভাইৰাছবিধে কঢ়িয়াই আনিছে অশনি সংকেত৷ ইতিমধ্যে চীনৰ অর্থনীতিত ক’ৰোনাৰ প্রতিকূল প্রভাৱ পৰিছে৷ এছিয়াৰ বৃহত্তম অর্থনীতি হিচাপে চিহ্ণিত চীনে ক’ৰোনাৰ আশংকাত বন্ধ কৰি দিবলগীয়া হৈছে বহু কাৰখানা–প্রতিষ্ঠান৷ দেশখনৰ পৰিবহণ ব্যৱস্থালৈও আহি পৰিছে প্রত্যাহ্বান৷ ইফালে, পর্যটন শিল্পত এতিয়া দেখা দিছে মন্দাৱস্থাই৷ ইয়াৰ মূল কাৰণ হৈছে বিশ্বৰ বহু দেশে নাগৰিকসকলৰ চীন ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ফলত চীনৰ পর্যটন শিল্পত দেখা দিছে সংকট৷ অকল সেয়াই নহয়, পৰিবহণৰ ক্ষেত্রত চীনে আভ্যন্তৰতে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ ফলতো অর্থনৈতিক ক্ষেত্রত প্রতিকূল প্রভাৱ দেখিবলৈ পোৱা গৈছে৷ চীনৰ এই পৰিস্থিতিয়ে বিশ্ব অর্থনীতিলৈও কঢ়িয়াই আনিছে আশংকা৷ কাৰণ বিশ্বৰ বজাৰ অর্থনীতিত এতিয়া চীনৰ আধিপত্য আমেৰিকাতকৈও বেছি৷ কিন্তু ক’ৰোনাৰ সংক্রমণে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ লগে লগে বহু দেশলৈ চীনৰ সামগ্রী ৰপ্তানিৰ ক্ষেত্রত আহি পৰিছে প্রত্যাহ্বান৷ গতিকে ক’ৰোনা এতিয়া অকল প্রাণঘাতী ভাইৰাছ হিচাপেই চিহ্ণিত হোৱা নাই৷ ইয়াৰ ফলত দেশে দেশে অর্থনৈতিক ক্ষেত্রখনলৈও শংকা নামি আহিছে৷
অৱশ্যে এই প্রাণঘাতী ভাইৰাছবিধৰ প্রতিৰোধৰ ক্ষেত্রত চীনে যুদ্ধকালীন তৎপৰতা গ্রহণ কৰিছে৷ আনকি কমিউনিষ্ট দেশখনে বিৰামহীন উদ্যোগেৰে অতি কম সময়ৰ ভিতৰতে ক’ৰোনা আক্রান্ত লোকসকলৰ চিকিৎসাৰ বাবে গঢ়ি তুলিছে কেইবাখনো বৃহৎ হাস্পতাল৷ অত্যাধুনিক সুবিধা থকা এই হাস্পতালবোৰ নির্মাণ কৰি ক’ৰোনাৰ প্রতিৰোধৰ ক্ষেত্রত বেইজিং প্রশাসনে সদিচ্ছাৰ পৰিচয় দাঙি ধৰিছে৷ অকল সেয়াই নহয়, ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই এহেজাৰৰ সীমা অতিক্রম কৰাৰ লগে লগে চীনে কর্তব্যত গাফিলতি কৰাৰ অভিযোগত বহু জ্যেষ্ঠ বিষয়াক অপসাৰণ কৰিছে৷ এই বিষয়াসকলক পদবীৰ পৰা অপসাৰণ কৰি চীনে স্বাস্থ্য ক্ষেত্রত নতুন চিন্তা–চর্চা আৰম্ভ কৰিছে৷ কিন্তু পৰিতাপৰ বিষয়টো হৈছে এতিয়াও দেশখনে ক’ৰোনাৰ প্রতিৰোধী ছিটা উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই৷ বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে এই প্রতিৰোধী ছিটা উদ্ভাৱন কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই মানুহৰ মাজত আশংকা বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি চীনা নাগৰিকসকল হৈ পৰিছে গৃহভূমিৰ বাহিৰত নজৰবন্দী৷ গৃহভূমিৰ বাহিৰলৈ ওলোৱা চীনা নাগৰিকসকলৰ ওপৰত প্রায় প্রতিখন দেশেই চলাইছে সূক্ষ্ম নিৰীক্ষণ৷ আনকি চীনা নাগৰিকসকলৰ বিদেশত বিচৰণ কৰাৰ ক্ষেত্রত বিভিন্ন নিষেধাজ্ঞা আহি পৰিছে৷ গতিকে ক’ৰোনা হৈ পৰিছে বর্তমান বিশ্বৰ অশান্তিৰ এক কাৰক৷ বিশ্ববাসীৰ মাজত ক’ৰোনা ভাইৰাছে যেন সৃষ্টি কৰিছে এক প্রাচীৰ৷ বিশেষকৈ চীনা নাগৰিকসকলৰ বিৰুদ্ধে এই মাৰাত্মক ক’ৰোনাই এতিয়া বিশ্বত গঢ়ি তুলিছে বৈষম্য৷ এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে কেতবোৰ শিহৰণকাৰী তথ্য৷ আগন্তুক তিনি মাহৰ ভিতৰত ক’ৰোনাৰে মোকাবিলা কৰিবলৈ পৃথিৱীবাসীক কেইবালাখ কোটি ডলাৰৰ প্রয়োজন হ’ব৷ লক্ষণীয়ভাৱে চলিত দশকটোত আফ্রিকাৰ ইবোলা ভাইৰাছক আটাইতকৈ মাৰাত্মক আখ্যা দিয়া হৈছিল৷ কিন্তু ৱুহানৰ পৰা বিস্তাৰ ঘটা এই ক’ৰোনাই এতিয়া ইবোলাৰ ভয়াৱহতাক অতিক্রম কৰিছে৷ ইফালে, চীনৰ পৰা এই ভাইৰাছবিধৰ বিস্তাৰ ঘটাৰ লগে লগে আমেৰিকা তথা পাশ্চাত্যৰ বিশ্বই দেশখনক কঠোৰ সমালোচনা কৰিছে৷ আনকি বিভিন্ন মহলে এয়া চীনৰ পৰীক্ষাগাৰত সৃষ্টি কৰা শত্রু ৰাষ্ট্রৰ বিৰুদ্ধে জৈৱিক মাৰণাস্ত্র বুলিও অভিযোগ কৰিছে৷ ক’ৰোনাক লৈ অভিযোগ–প্রতিভিযোগ যিয়েই নহওক, এই ভাইৰাছবিধ যে আজিৰ মুহূর্তত বিশ্ববাসীৰ বাবে ভয়ংকৰ প্রত্যাহ্বান, তাক গুৰুত্বসহকাৰে লৈ সকলো দেশে ইয়াৰ প্রতিৰোধৰ বাবে উমৈহতীয়া সংকল্প গ্রহণ কৰা উচিত৷

You might also like