নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনৰ ৰাজনীতি

59

অহা চাৰি এপ্রিলত অনুষ্ঠিত হ’ব লগা বিটিচি নির্বাচনক কেন্দ্র কৰি বি টি এ ডিৰ অন্তর্গত চাৰিখন জিলাত ব্যাপক ৰাজনৈতিক তৎপৰতা পৰিলক্ষিত হৈছে৷ যোৱা ২৭ জানুৱাৰীত এন ডি এফ বিৰ চাৰিটা গোট আৰু এবছুৰ সৈতে বি টি আৰ চুক্তি স্বাক্ষৰৰ পিছতে ৰাজ্যৰ বড়ো ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ হৈছে৷ বি টি আৰ চুক্তি অনুসৰি বি টি এ ডিত এখন কেন্দ্রীয় বিশ্ববিদ্যালয়, বিশেষ ঔদ্যোগিক নীতি, ৰে’লৱেৰ দবা নির্মাণ কাৰখানা, ওদালগুৰি, বাগ্সা আৰু চিৰাঙত ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ কেন্দ্র স্থাপন, এখন ৰাষ্ট্রীয় ক্রীড়া বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয় স্থাপনকে ধৰি বিভিন্ন প্রকল্প স্থাপন হ’ব বি টি এ ডিত৷ ২০০৩ চনত বিটিচি চুক্তিৰ স্বাক্ষৰৰ পৰা আৰম্ভ কৰি সুদীর্ঘ ১৭ বছৰে বিটিচিৰ ক্ষমতাৰ গুৰিব’ঠা ধৰি আছে হাগ্রামা মহিলাৰীয়ে৷ বিগত দুটা দশকত ৰাজ্যৰ বড়ো ৰাজনীতিক গতিদান কৰাৰ ক্ষেত্রত নির্ণায়ক ভূমিকা গ্রহণ কৰা হাগ্রামা মহিলাৰী দিছপুৰৰ ক্ষমতাৰ অংশীদাৰো হৈ আছে৷ দিছপুৰত চৰকাৰ সলনি হ’লেও হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে ক্ষমতাত থকাৰ সুযোগ–সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ বি টি আৰ চুক্তিৰ জৰিয়তে বড়ো দল–সংগঠনসমূহ একত্রিত কৰি চতুর্থবাৰৰ বাবে হাগ্রামা মহিলাৰীয়ে বিটিচি পৰিষদ দখলৰ যি অংক কৰিছিল সেই অংকত খেলিমেলি হৈছে৷ বি টি আৰ চুক্তিত স্বাক্ষৰ কৰিও চুক্তি স্বাক্ষৰকাৰীসকলৰ সুকীয়া ৰাজনৈতিক স্থিতিৰ বাবেই আগন্তুক বিটিচি নির্বাচনত ভোট বিভাজনৰ আশংকা বৃদ্ধি হৈছে৷ বি টি আৰ চুক্তি স্বাক্ষৰকাৰী এন ডি এফ বিৰ দুটা গোট আৰু এবছুৱে হাগ্রামা মহিলাৰীক সংগ দিয়াৰ পৰা বিৰত থকাই নহয়, বিটিচি তথা বি পি এফৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছে৷ এবছুৰ বিদায়ী সভাপতি প্রমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল দলটোৱে বি টি এ ডিত নতুন ৰাজনৈতিক জাগৰণ সৃষ্টি কৰিছে৷ এনে অৱস্থাত দিছপুৰৰ মিত্রজোঁটৰ চৰকাৰখনৰ অংশীদাৰ হৈও বিটিচি নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে এককভাৱে যুঁজ দিবলৈ বাধ্য হৈছে৷ এফালে বি টি আৰ চুক্তি স্বাক্ষৰকাৰীৰ নেতৃত্বত শক্তিশালী হৈ উঠা ইউ পি পি এল আৰু আনফালে মিত্রজোঁটৰ নেতৃত্ব বহন কৰা বিজেপিৰ বিৰুদ্ধে এইবাৰ নির্বাচনী যুঁজত নামিব লাগিব হাগ্রামা মহিলাৰী৷ ২০১৫ৰ বিটিচিৰ নির্বাচনত হাগ্রামা মহিলাৰীয়ে কাণে কাণ মাৰিহে কোনোমতে ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ এনে পৰিস্থিতিত ৰাজ্যৰ বড়ো ৰাজনীতিত হাগ্রামা মহিলাৰীয়ে নিশ্চিতভাৱে এইবাৰ অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব ৷

একেৰাহে চতুর্থবাৰৰ বাবে বিটিচি দখল কৰাটো যে হাগ্রামা মহিলাৰীৰ বাবে সহজসাধ্য নহয় সেয়া স্পষ্ট৷ ২০১০ৰ বিটিচি নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে বি টি এ ডিৰ মুঠ ৪০খন আসনৰ ভিতৰত ৩১খন আসন লাভ কৰিছিল যদিও ২০১৫ৰ নির্বাচনত দলটোৰ আসনৰ সংখ্যা ২০খনলৈ হ্রাস হৈছিল৷ ২০১৫ৰ বিটিচি নির্বাচনত হাগ্রামা মহিলাৰীয়ে তেওঁৰ দুর্গস্বৰূপ কোকৰাঝাৰ আৰু চিৰাং জিলাত আশাপ্রদ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ ইয়াৰ বিপৰীতে ওদালগুৰি আৰু বাগ্সা জিলাত লাভ কৰা সাফল্যৰ বাবে কোনোমতে ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে৷ এন ডি এফ বি আৰু এবছুৰ ভেটি তুলনামূলকভাৱে ওদালগুৰি আৰু বাগ্সা জিলাত শক্তিশালী হৈ আছে৷ এনে পৰিস্থিতিত এবছুৰ সমর্থনত থকা ইউ পি পি এল দলে এইবাৰ দুয়োখন জিলাত অধিক সুফল আশা কৰিছে৷ ইউ পি পি এলৰ জৰিয়তে বড়ো ভোটত বিভাজন নিশ্চিত হোৱাৰ সময়তে সহযোগী বিজেপিয়ে বিটিচি নির্বাচনত ৪০খন আসনতে প্রার্থী থিয় কৰাবলৈ তৎপৰ হৈছে৷ দিছপুৰৰ চৰকাৰখনৰ অংশীদাৰ হ’লেও বিজেপিয়ে বি পি এফ আৰু ইউ পি পি এলৰ স’তে সমদূৰত্ব বজাই ভৱিষ্যৎ ৰাজনীতিৰ অংক কৰিছে৷ বিজেপিৰ এনে ৰাজনৈতিক অংক নিশ্চিতভাৱে গুৰুত্বপূর্ণ৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দ্বিতীয় আৰু তৃতীয় কার্যকালত অনুষ্ঠিত বিটিচি নির্বাচনেই নহয়, বিধানসভা নির্বাচনতো কংগ্রেছ দলে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলক ‘ৱাক অ’ভাৰ’ দিছিল৷ ফলত বি টি এ ডিত কংগ্রেছৰ সাংগঠনিক ভেটি অতিকৈ দুর্বল হৈছে৷ বিটিচি চুক্তিৰ পূর্বে বি টি এ ডিৰ অন্তর্গত মাজবাট, ওদালগুৰি, পানেৰী, গোসাঁইগাঁও, তামুলপুৰ আদি সমষ্টিত কংগ্রেছে নির্বাচন জিকিবলৈ সক্ষম হৈছিল৷ কিন্তু হাগ্রামা মহিলাৰীৰ ক্ষমতাৰ সময়তে কংগ্রেছে মাজবাট, ওদালগুৰি আৰু গোসাঁইগাঁৱৰ দৰে বিধানসভা সমষ্টিত অভূতপূর্ব দুর্যোগৰ সন্মুখীন হৈছে৷ বিটিচি নির্বাচনত বিজেপিয়ে ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰিলেও ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি৷ কিন্তু কংগ্রেছে কৰা ভুল বিজেপিয়ে যে কৰিব বিচৰা নাই সেয়া দলটোৰ নিজাববীয়া প্রার্থী যুঁজত নমোৱাৰ জৰিয়তে স্পষ্ট হৈছে৷ বিশেষকৈ বিটিচি নির্বাচনৰ জৰিয়তে বি টি এ ডিত বিজেপিয়ে সাংগঠনিক ভেটি নতুনকৈ গঢ়াৰ সুযোগ লাভ কৰিব৷ ২০১৫ৰ বিটিচি নির্বাচনত বিজেপিয়ে মাথোঁ এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বিপৰীতে ক্ষমতাত থাকিও কংগ্রেছে এখন আসনো লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বিটিচিৰ আগন্তুক নির্বাচনত বিজেপিয়ে যিমানখন আসনে লাভ নকৰক কিয়, বিটিচি পৰিষদৰ ক্ষমতাৰ যে অংশীদাৰ হ’ব সেয়া নিশ্চিত৷ কিয়নো বি পি এফ আৰু ইউ পি পি এলৰ ভিতৰত যি দলৰ শক্তি অধিক হ’ব সেই দলৰ পক্ষতে অৱস্থান কৰি ভৱিষ্যৎ ৰাজনীতিক গতিদান কৰিব বিজেপিয়ে৷

You might also like