নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো দিনেই নতুন দিন

237

                          নতুন বছৰৰ প্রথমটো দিন, এটা নতুন দিন, ইয়াক উদ্যাপন কৰিব লাগে– বহু দিনৰ পৰা চলি অহা এইবোৰ ধাৰণা এতিয়া আৰু সলনি কৰাৰ সময় আহি উপস্থিত হৈছে৷ নতুন দিনৰ উদ্যাপনটো বিভিন্ন ধৰণে কামত অহা, উদ্দীপনামূলক আৰু সংকল্প গ্রহণৰ সময় হিচাপে প্রতিষ্ঠা কৰা হৈছে আৰু সহজ অর্থত ই এটা প্রায় সাধাৰণ উৎসৱলৈ পৰিৱর্তিত হৈছে৷ গ্রেগৰিয়ান কেলেণ্ডাৰৰ বছৰৰ প্রথম মাহৰ প্রথম দিনটো এটা ধর্ম্য় উৎসৱৰ লগত সংগতি থকা দিন আছিল আৰু খ্রীষ্টধর্মৰ বাবে সেই দিনটোৰ বিশেষ মাহাত্ম্য আছে৷ এই দিনটো হিন্দু ধর্মৰ মানুহৰ লগত কেনেধৰণে জডিত সেই কথাটোহে বুজি পোৱা টান৷ দুই জানুৱাৰীৰ বাতৰিকাকতৰ পৃষ্ঠাত সাধাৰণতে দেখা যায় নতুন বছৰৰ প্রথম দিনটোত অমুক অমুক মন্দিৰত যুৱক–যুৱতীৰ দীঘলীয়া শাৰী৷ বৰদিনৰ দিনকেইটাতো জাকজমকতাপূর্ণ গির্জা ঘৰকেইটালৈ অইন ধর্মৰ মানুহৰো সোঁত বয়৷ কিন্তু এই কথাৰ পৰা ক’ব নোৱাৰি যে মানুহবোৰ খ্রীষ্টান হ’বলৈ গৈ আছে অথবা এক জানুৱাৰীৰ দিনটোক হিন্দু ধর্মৰ কিবা বিশেষ দিন হিচাপে অন্তর্ভুক্ত কৰি লোৱা হৈছে৷ সাধাৰণ অর্থত কথাটো বিশেষ গুৰুত্বপূর্ণ যেন নালাগে৷ কিন্তু সমাজ বিজ্ঞানীসকলৰ বাবে এনে বিৱর্তনে একো একোটা সময়ৰ মানসিকতাৰ বিৱর্তন আৰু পৰিৱর্তনৰ কাৰণ একোটাক ব্যাখ্যা কৰাত সহায় কৰে৷ খ্রীষ্টধর্মৰ এই দিশটোৰ প্রতি কিছুসংখ্যক হিন্দু ইমান আগ্রহী, কিন্তু তাৰ তুলনাত নিজৰ ধর্ম অথবা আন ধর্ম যেনে– ইছলাম ধর্মৰ আচাৰ–নুষ্ঠানৰ প্রতিও তেওঁলোক কোনোধৰণে আগ্রহী নহয়৷ পৱিত্র ঈদ উপলক্ষে কোনো হিন্দুকেই ঈদ্গাহ ময়দানলৈ যোৱা দেখা নাযায় বা ঈদ উপলক্ষে মন্দিৰলৈকেও নাযায়৷ তেনেদৰে হিন্দু ধর্মৰ অংগ হিচাপেই গ্রহণ কৰা বৌদ্ধ ধর্মৰ অনুষ্ঠানতো হিন্দু লোকৰ অংশগ্রহণ দেখা নাযায়৷ কেৱল খ্রীষ্টান ধর্মৰ প্রতি কিছুসংখ্যক হিন্দুৰ আকর্ষণৰ কাৰণ কি তাক আলোচনা কৰিলে সমাজ বিৱর্তনৰ ভালেখিনি কথা পোহৰলৈ আহিব৷
ইংৰাজৰ শাসনে বহু ভাৰতীয় মানুহৰ মনত যিধৰণৰ গোলামীৰ ভাব এটা স্থায়ী কৰি দিবলৈ সক্ষম হৈছিল তাৰ ফল এই বৰদিন–নৱবর্ষ উদ্যাপন৷ ব্রিটিছ ভাৰতৰ পৰা গ’লেও ব্রিটিছৰ ভাষা আৰু আচাৰ–ব্যৱহাৰবোৰ এটা উচ্চ পর্যায়ৰ অভিজ্ঞতা হিচাপে বহু মানুহে তাৰ অনুশীলন চলাই থাকিল৷ পৰৱর্তীকালত ইংৰাজী ভাষা শিক্ষাৰ প্রচলন বৃদ্ধি পোৱাত আৰু ইংৰাজী মাধ্যমৰ স্কুলবোৰে, আনকি মিছনাৰীয়ে নচলোৱা ইংৰাজী মাধ্যমৰ স্কুলতো খ্রীষ্টান ধর্মৰ আদব–কায়দাৰ প্রচলন অধিক হ’ল৷ এই আটাইবোৰ কাৰকৰ সংমিশ্রণে খ্রীষ্টান ধর্মৰ বিশেষ দিন এটাক বহু হিন্দু মানুহৰ মন্দিৰলৈ যোৱা দিন এটালৈ ৰূপান্তৰিত কৰি দিলে৷ এই ধর্মবিশ্বাস ব্যক্তিগত ৰুচি আৰু আদর্শকৰ কথা, তাত অইনে মতাৰ বিশেষ একো কাৰণ নাথাকে৷ কিন্তু এই ব্যক্তিগত বিশ্বাসে যেতিয়া এটা সামাজিক ৰূপ ধাৰণ কৰে, তেতিয়া প্রশ্ণ উত্থাপিত হোৱাৰ সম্ভাৱনা থাকে৷ বর্তমান কালত নতুন বছৰৰ ধাৰণাৰ কিছু পৰিৱর্তন হৈছে৷ টকা–পইচাৰ ক্ষেত্রত এক এপ্রিলক নতুন বছৰৰ প্রথম দিন বুলি মানি লোৱা হয়, তেনেদৰে বহু ছাত্র–ছাত্রীৰ বাবে নতুন শিক্ষাবর্ষৰ প্রথম দিনটোৱেই বছৰৰ প্রথম দিন৷ তেনে দিনবোৰ বিশেষধৰণে উদ্যাপন কৰাৰ কাৰণ আৰু প্রয়োজনীয়তা থাকে৷ গ্রেগৰিয়ান কেলেণ্ডাৰখন যিহেতু আমাৰ সকলোৰে বাবে প্রায়োগিক কেলেণ্ডাৰ, তেনে অৱস্থাত সেই কেলেণ্ডাৰ মতে নতুন দিনটো কেলেণ্ডাৰ ব্যৱহাৰকাৰীসকলে উদ্যাপন কৰাত আপত্তিকৰ একোৱেই নাই৷ কিন্তু আপত্তিৰ কথা আহে সেই দিনটোক ধর্মীয় ৰূপ এটা দিয়াৰ বাবে কৰা চেষ্টাতহে৷ ধর্মনিৰপেক্ষ দেশ এখনত যিকোনো নাগৰিকে যিকোনো ধর্ম গ্রহণ কৰিব পাৰে, যিকোনো ধর্মীয় উৎস পালন কৰিব পাৰে৷ কিন্তু বিশেষ ধর্ম এটা কিয় বা কিয় তাক তেনেদৰে ৰূপান্তৰিত কৰা হ’ল সেইটোহে আচল প্রশ্ণ৷ আনফালে এইটো কথাও ঠিক যে অইন প্রায়োগিক নতুন বছৰবোৰৰ প্রথম দিনটো উদ্যাপন কৰাৰ কথাও আয়োজকসকলে ভবাৰ সময় আহি পৰিছে৷ কর্মস্পৃহা আৰু উদ্যম বৃদ্ধিৰ বাবে প্রায়োগিক বছৰবোৰৰ প্রথম দিনটোৰ আয়োজনহে আচল প্রয়োজনীয় কথা৷ উৎসৱৰ দেশ ভাৰতত উৎসৱক কর্ম উদ্যমৰ লগত জডিত কৰি দিব পৰাটোহে সময়ৰ দাবী৷