নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰী সুৰক্ষা

57

দেশৰ ৰাজধানী দিল্লীৰ মুনির্কাত ২০১২ চনৰ ১৬ ডিচেম্বৰত সংঘটিত নির্ভয়া কাণ্ডৰ চাৰি অপৰাধীৰ মৃত্যুদণ্ড ইতিমধ্যে নিশ্চিত হৈছে৷ ন্যায়ালয়ে শেহতীয়াকৈ জাৰি কৰা ‘ডেথ ৱাৰেণ্ট’ অনুসৰি চাৰিও নৰপিশাচে অহা ২২ জানুৱাৰীৰ দিনা ফাঁচিকাঠত ওলমিব৷ ‘নির্ভয়া’ক চলন্ত বাছত দলবদ্ধ বলাৎকাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছতে দোষীক চৰম শাস্তি বিহাৰ দাবীৰে ৰাজপথলৈ ওলাই অহা দেশবাসীয়ে কামনা কৰিছিল এনেধৰণৰ জঘন্য ঘটনাৰ যেন পুনৰাবৃত্তি নহয়৷ কিন্তু বাস্তৱত সেয়া হৈছেনে? বিগত সময়ছোৱাত সভ্য সমাজৰ মন–মগজু জোকাৰি যোৱা আৰু কেইবাটাও অনুৰূপ পৈশাচিক ঘটনা ঘটিছে৷ কাথুৱা, উন্নাও, তেলেংগানা আদিৰ ধর্ষণ কাণ্ডই দেশ তোলপাৰ কৰিছে৷ এনেধৰণৰ বর্বৰোচিত ঘটনাসমূহে কার্যতঃ অসাৰ প্রতিপন্ন কৰিছে নাৰী সুৰক্ষাৰ শ্লোগান৷ ইয়াৰ সমান্তৰালভাৱে নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৱে শেহতীয়াকৈ ৰাজহুৱা কৰা ২০১৮ চনৰ প্রতিবেদনতো উন্মোচিত হৈছে ভাৰতত নাৰী সুৰক্ষাৰ বাস্তৱ চিত্রখন৷ প্রতিবেদনত সন্নিৱিষ্ট তথ্য অনুসৰি দেশত প্রতিদিনে গড় হিচাপত ৯১টাকৈ বলাৎকাৰ সংঘটিত হয়৷ ২০১৮ চনত দেশত মুঠ ৩৩,৩৫৬টা ধর্ষণ কাণ্ড ঘটিছে৷ যিটো ২০১৭ চনৰ তুলনাত ৭৯৭টা অধিক৷ তদুপৰি মহিলাৰ ওপৰত আতিশয্যৰ ঘটনা এবছৰৰ ব্যৱধানতে প্রায় ৭ শতাংশ বৃদ্ধি হৈছে৷ ২০১৮ চনত মহিলাক উৎপীড়ন চলোৱা সন্দর্ভত পঞ্জীভুক্ত ঘটনাৰ সংখ্যা হৈছে ৩,৭৮,২৭৭টা৷ নির্ভয়া কাণ্ডৰ পাছতে ধর্ষণকাৰীক কঠোৰতম শাস্তি বিহিব পৰাকৈ ফৌজদাৰী আইনত কেতবোৰ লক্ষণীয় পৰিৱর্তন অনা হৈছিল৷ কিন্তু ইয়াৰ পাছতো এনেধৰণৰ জঘন্য অপৰাধৰ প্রৱণতা দেশত হ্রাস পোৱা নাই, বৰং বাঢ়িছেহে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ উক্ত তথ্যই এই কথাকে প্রতিপন্ন কৰিলে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ধর্ষণ–যৌন নির্যাতনৰ দৰে জঘন্য অপৰাধ মানসিকতাৰ পৰা সাৰি যোৱা নাই ফুলকুমলীয়া শিশু আৰু বৃদ্ধাও৷
অসমতো সভ্য সমাজক লজ্জানত কৰা ধর্ষণ কাণ্ডৰ বাতৰি নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ তথ্য অনুসৰি ২০১৮ চনত ৰাজ্যখনত বলাৎকাৰৰ পাছত হত্যা কৰা ঘটনা দেশৰ ভিতৰতে সর্বাধিক৷ ২০১৮ চনত সমগ্র দেশত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ২২৩টা৷ ইয়াৰে ৬৬টাই অসমৰ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ৰাজ্যখনত আইনৰ ৰক্ষকৰ ওচৰতো সুৰক্ষিত নহয় মহিলা–যুৱতী–কিশোৰী৷ অতি শেহতীয়াকৈ এজন আৰক্ষী অধীক্ষকে তেওঁৰ সহকর্মী বিষয়াৰ কিশোৰী কন্যাক যৌন নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ এই অভিযোগে অসম আৰক্ষীৰ ভিতৰচ’ৰাত তোলপাৰ লগোৱাৰ সময়তে শিলচৰ ৰে’ল ষ্টেচনত সংঘটিত হয় আন এক নাৰকীয় ঘটনা৷ নিশা অসহায় এগৰাকী মিজো যুৱতীক ৰে’ল ষ্টেচনৰ চৌহদত থকা বেৰেকলৈ নি চৰকাৰী ৰে’লৱে আৰক্ষীৰ দুজন কনিষ্টবলে উপর্যুপৰি ধর্ষণ কৰে৷ এনেধৰণৰ আৰু বহু অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে৷ বিগত ২০১৭ চনত যমুনামুখত অর্ণমাই বৰা নামৰ এগৰাকী ৫৮ বছৰীয়া শিক্ষয়িত্রীক ধর্ষণ কৰি হত্যা কৰা হৈছিল৷ এই ঘটনাৰ গোচৰৰ বিচাৰ প্রক্রিয়াৰ অন্তত আদালতে মূল অভিযুক্তক ইতিমধ্যে মৃত্যুদণ্ডৰ নির্দেশ দিছে৷ এতিয়া প্রশ্ণ হ’ল– অপৰাধীক কঠোৰতম শাস্তি বিহাৰ লক্ষ্যৰে ফৌজদাৰী বিধিত পৰিৱর্তন অনা বা আদালতে বিভিন্ন ধর্ষণ কাণ্ডত লিপ্তক মৃত্যুদণ্ড বিহাৰ পাছতো কিয় এনেধৰণৰ জঘন্য কার্যৰ প্রতি মনত ভয় ভাব সঞ্চাৰিত হোৱা নাই? প্রকৃততে এনেধৰণৰ পদক্ষেপসমূহৰ সমান্তৰালভাৱে সমাজৰ অপৰাধপ্রৱণতা নির্মূলৰ বাবে সজাগতা সৃষ্টিৰ আৱশ্যকতা আছে৷ এই কাম যে অকল চৰকাৰ বা প্রশাসনেই কৰিব পাৰিব, তেনে নহয়৷ ইয়াৰ বাবে আগবাঢ়ি আহিব লাগিব সমাজ সচেতন প্রতিজন নাগৰিক৷

You might also like