নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰে শান্তি চুক্তি

69

প্রায় দুই দশক ধৰি চলা অবাধ ৰক্তপাত তথা হত্যালীলাৰ অৱসান ঘটাই শান্তি প্রতিষ্ঠাৰ বাবে আফগানিস্তানত তালিবান আৰু আমেৰিকাই ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাছতে বিষয়টোৱে আন্তর্জাতিক মহলত চর্চা লাভ কৰিছিল৷ দীর্ঘদিন ধৰি পাৰস্য উপসাগৰীয় ৰাষ্ট্র কাটাৰৰ ৰাজধানী দোহাত তালিবানৰ প্রতিনিধি আৰু আমেৰিকান কূটনীতিকসকলৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল৷ বিভিন্ন সময়ত উভয় পক্ষৰ মতানৈক্যৰ বাবে আলোচনা স্তিমিত হৈ পৰিছিল যদিও ২৯ ফেব্রুৱাৰীত শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সক্ষম হয় আমেৰিকা তথা তালিবান৷ এই চুক্তিত স্বাক্ষৰৰ পাছতেই পর্যায়ক্রমে আফগানিস্তানৰ পৰা আমেৰিকাই সেনা প্রত্যাহাৰ কৰিবলৈ লৈছে৷ দেশখনত থকা ১২ হাজাৰ আমেৰিকান সৈনিকৰ প্রায় ৪ হাজাৰক পর্যায়ক্রমে গৃহভূমিলৈ ওভতাই নিব হোৱাইট হাউছ প্রশাসনে৷ সেইদৰে এই শান্তি চুক্তিক অগ্রগতি প্রদান কৰাৰ স্বার্থতেই তালিবানৰে প্রত্যক্ষ আলোচনাত মিলিত হৈছে আফগান চৰকাৰ৷ আনকি আফগানিস্তানৰ ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে তাৎক্ষণিকভাৱে ১৫শ তালিবান বন্দীক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে৷ ৰাষ্ট্রপতি ঘানিয়ে এই প্রতিশ্রুতি দিয়াৰ লগে লগে তালিবানে বন্দী কৰি ৰখা এহাজাৰ সৈনিকক মুক্তি দিব বুলি ঘোষণা কৰিছে৷ অৱশ্যে তালিবানৰে আমেৰিকাৰ ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ সময়তে মধ্য এছিয়াৰ দেশখনত অন্য এক ৰাজনৈতিক সংকট আৰম্ভ হৈছে৷ পুনৰ ৰাষ্ট্রপতি হিচাপে আশ্রফ ঘানিয়ে শপত গ্রহণ কৰাৰ সময়তে নেতাগৰাকীৰ বিৰুদ্ধে নির্বাচনত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে৷ আনকি এসময়ত ৰাষ্ট্রপতি ঘানিৰ মুখ্য কার্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰা আব্দুল্লা আব্দুল্লাই সমান্তৰালভাৱে নিজকে দেশখনৰ ৰাষ্ট্রপতি ঘোষণা কৰিছে৷ আনকি আব্দুল্লাৰ প্রতি সমর্থন জনাইছে বহু নাগৰিকে৷ আভ্যন্তৰীণ ৰাজনীতিত এনে এক অস্থিৰতা অব্যাহত থকাৰ সময়তো কিন্তু ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে আফগানিস্তানত শান্তিৰ পৰিৱেশ সৃষ্টি হোৱা বুলি ঘোষণা কৰিছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সকলো সদস্য ৰাষ্ট্রই তালিবান আৰু আমেৰিকাৰ মাজত স্বাক্ষৰ হোৱা শান্তি চুক্তিক সমর্থন জনাই এক প্রস্তাৱো গ্রহণ কৰিছে৷ দীর্ঘদিনীয়া ৰক্তপাতৰ অৱসান ঘটাই আফগানিস্তানত যাতে পুনৰ শান্তি প্রতিষ্ঠা কৰিব পৰা যায় সেই দিশটোক গুৰুত্ব দিবলৈ আফগান চৰকাৰ, আমেৰিকা আৰু তালিবানক আহ্বান জনাইছে নিৰাপত্তা পৰিষদে ৷

শীতল যুদ্ধৰ সময়ৰে পৰা আফগানিস্তান কেৱল নিৰীহৰ ৰক্তপাতৰ সাক্ষী হ’বলগীয়া হৈছে৷ মধ্য এছিয়াৰ দেশখনত একালত ছোভিয়েট ইউনিয়ন সমর্থিত নাজীবুল্লাই চৰকাৰ গঠন কৰিছিল৷ নাজীবুল্লাৰ চৰকাৰক উৎখাত কৰি একালত হোৱাইট হাউছৰ দ্বাৰা লালিত তালিবানে আহি আফগানিস্তানত ক্ষমতা দখল কৰিছিল৷ নাজীবুল্লাক কাবুলৰ ৰাজপথত লাইট প’ষ্টত মুকলিকৈ ফাঁচি দিছিল তালিবানে৷ এই তালিবান আফগানিস্তানৰ ক্ষমতাত আৰোহণ কৰাৰ পাছতেই মধ্যযুগীয় পাশৱিকতাৰ বলি হ’বলগীয়া হয় দেশখনৰ নাৰী সমাজ৷ আনকি সমগ্র নাৰী জাতিক আফগানিস্তানত গৃহবন্দীৰ জীৱন যাপন কৰিবলৈ তালিবানে বাধ্য কৰাইছিল৷ আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্র আৰু পেণ্টাগনত লাডেনৰ আল–কায়দাই আক্রমণ কৰাৰ পাছতে তালিবান হৈ পৰে আমেৰিকাৰ দুর্ঘোৰ শত্রু৷ কাৰণ তালিবানশাসিত আফগানিস্তানে সেই সময়ত আশ্রয় দিছিল আল–কায়দাৰ সন্ত্রাসবাদীবোৰক৷ আনকি লাডেনেও আশ্রয় লৈছিল আফগানিস্তানত৷ গতিকে কুখ্যাত সন্ত্রাসবাদীক আশ্রয় দিয়াৰ অভিযোগ তুলিয়েই ৰাষ্ট্রসংঘৰ অনুমোদন নথকা সত্ত্বেও আফগানিস্তানত আক্রমণ চলাইছিল আমেৰিকাই৷ তালিবানক উৎখাত কৰিবলৈ আফগানিস্তানত সন্ত্রাসবাদবিৰোধী আন্তর্জাতিক যুদ্ধ ঘোষণা কৰে হোৱাইট হাউছ প্রশাসনে৷ আফগানিস্তানৰ শাসনৰ পৰা তালিবান উৎখাত হ’ল ঠিকেই, কিন্তু অতি দুর্গম ভৌগোলিক বৈশিষ্ট্য থকা দেশখনত তালিবানৰ সাংগঠনিক ভিত্তি নিঃশেষ কৰিবলৈ সক্ষম নহ’ল আমেৰিকা৷ দুই দশক ধৰি আফগানিস্তানৰ বিভিন্ন অঞ্চলত নিয়ন্ত্রণ সাব্যস্ত কৰি আছে কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৱে৷ গতিকে আফগানিস্তানত যুদ্ধৰ ক্ষয়ক্ষতি আৰু পুনৰ নির্মাণৰ নামত বৃহৎ পুঁজি বিনিয়োগৰ বোজা হোৱাইট হাউছৰ বাবে ক্রমাৎ অসহনীয় হৈ পৰিছে৷ গতিকে অস্ত্রেৰে নহয় আলোচনাৰ মাজেৰে আফগানিস্তানত শান্তি প্রতিষ্ঠাৰ পথ বিচাৰিবলৈ ধৰিলে হোৱাইট হাউছ প্রশাসনে৷ হোৱাইট হাউছৰ এই প্রচেষ্টাই শেহতীয়াকৈ কিছু আশা কঢ়িয়াই আনিছে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত৷ অৱশ্যে ভৱিষ্যতেহে ক’ব আফগানিস্তানত গণতন্ত্রৰ সুফল পোৱা যায় নে নাযায় ৷

You might also like