নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসংখ্যাৰ প্রত্যাহ্বান

333

নসংখ্যা নিয়ন্ত্রণৰ নীতিয়ে গৱেষকসকলক চিন্তাৰ খোৰাক দিব পাৰে৷ কিন্তু যিমানেই পুংখানুপুংখ অধ্যয়নৰ জৰিয়তে এনে নীতি প্রস্তুত কৰা নহওক কিয়, কার্যক্ষেত্রত ইয়াক ৰূপায়ণ কৰাটো অত্যন্ত কঠিন কাম৷ জনসংখ্যা নিয়ন্ত্রণৰ বাবে কেইবাদশক পূর্বৰে পৰা ভাৰতত বিভিন্ন পদক্ষেপ গ্রহণ কৰি অহা হৈছে যদিও ইয়াৰ আশানুৰূপ ফলাফল সুদূৰপৰাহত হৈ ৰৈছে৷ এই কথা সহজেই অনুমেয় যে বিশাল জনসংখ্যাৰ নাগৰিকক সকলোবোৰ উন্নত সা–সুবিধা প্রদান কৰাটো সাম্প্রতিক সময়ত চৰকাৰৰ বাবে একপ্রকাৰ অসম্ভৱ কথা হৈ পৰিছে৷ চৰকাৰে ইয়াক প্রত্যাহ্বান হিচাপে গ্রহণ কৰিব পাৰে৷ কিন্তু সমস্যাটোৱে ইমান জ্বলন্ত ৰূপ লৈছে যে এই প্রত্যাহ্বানেৰে ঈপ্সিত লক্ষ্যত চৰকাৰ সফল হ’বলৈ যে সক্ষম হ’ব তাক লৈ সন্দেহ সৃষ্টি হোৱাটোৱে স্বাভাৱিক৷ কেন্দ্রীয় আৰু বিভিন্ন ৰাজ্যৰ চৰকাৰে স্বাস্থ্য বীমাৰ বাবে আঁচনি গ্রহণ কৰিছে৷ উন্নত স্বাস্থ্য সেৱাৰো ডাঙৰ ডাঙৰ বিজ্ঞাপন সহজেই আৰু সততে চকুত পৰি আহিছে৷ শিক্ষাৰ ক্ষেত্রতো একেই কথা৷ কৌশল বিকাশৰ বিভিন্ন আঁচনি সন্দর্ভতো জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কোটি কোটি টকা ব্যয় কৰা হৈছে৷ কিন্তু কার্যক্ষেত্রত জনসংখ্যাৰ কিমান শতাংশ লোকে এই সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে তাক লৈ বিশেষ চর্চা হোৱা নাই৷ শিক্ষা, স্বাস্থ্য আৰু আন গুৰুত্বপূর্ণ খণ্ডত যি অগ্রগতি পৰিলক্ষিত হৈছে তাৰ পৰাই ক’ব পাৰি যে ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ উন্নয়নশীল দেশ এখনত নাগৰিকৰ বাবে সকলো উন্নত সা–সুবিধা আগবঢ়োৱাটো অসম্ভৱপ্রায়৷ অৱশ্যে ইয়াৰ মাজতে দুই–এটা উৎসাহজনক বার্তা নথকাও নহয়৷ ২০১৩ চনৰ পৰা ২০১৬ চনলৈ ভাৰতত জন্মৰ হাৰ আছিল প্রতিগৰাকী মহিলাৰ বিপৰীতে ২.৩৷ এই হাৰ এতিয়া ২.২লৈ হ্রাস পাইছে৷ বিশেষকৈ নগৰ অঞ্চলৰ মহিলাই জন্ম দিয়া সন্তানৰ হাৰ লক্ষণীয়ভাৱে হ্রাস পাইছে৷ নগৰীকৰণ, জনসাধাৰণৰ গৰিষ্ঠসংখ্যকক শিক্ষা গ্রহণৰ সুবিধা আৰু তুলনামূলকভাৱে উন্নত আর্থিক অৱস্থাই এইক্ষেত্রত অৰিহণা যোগাইছে৷ কিন্তু ইয়াৰ পিছতো জনসংখ্যা বৃদ্ধিৰ এটা মূল কাৰণ হ’ল মৃত্যুৰ হাৰ নিম্নগামী হোৱাটো৷ উন্নত চিকিৎসা সেৱাৰ বাবে মৃত্যুৰ হাৰ হ্রাস পোৱাৰ ফলত দেখিবলৈ পোৱা গৈছে যে জন্মৰ হাৰ হ্রাস পোৱাৰ পিছতো মুঠ জনসংখ্যাৰ ওপৰত ইয়াৰ বিশেষ প্রভাৱ পৰা নাই৷ ইয়াৰ পৰাই বুজিব পাৰি যে ভাৰতে জনসংখ্যা নিয়ন্ত্রণৰ বাবে অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিবই লাগিব৷

বর্তমানৰ হাৰত যদি জনসংখ্যা বৃদ্ধি হৈ থাকে, তেন্তে চীনক অতিক্রম কৰি বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশত পৰিণত হ’বলৈ ভাৰতে আৰু বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ব৷ যোৱা বছৰৰ জুন মাহত ৰাষ্ট্রসংঘৰ বিশ্বৰ জনসংখ্যা শীর্ষক এখন প্রতিবেদন মতে উল্লেখ কৰা হৈছিল যে ২০২৭ চনৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা ভাৰতে চীনক অতিক্রম কৰি যাব৷ এয়া নিশ্চিতভাৱে উদ্বেগজনক৷ নৱবর্ষৰ আৰম্ভণিতে এইক্ষেত্রত অধিক দুঃচিন্তা কঢ়িয়াই আনিলে ইউনিচেফৰ বহুচর্চিত এখন প্রতিবেদনে৷ উক্ত প্রতিবেদনত উল্লেখ কৰা মতে, নৱবর্ষৰ প্রথম দিনটোত সমগ্র বিশ্বত জন্ম হোৱা প্রায় ৪ লাখ নৱজাতকৰ ৬৭,৩৮৫ নৱজাতকেই জন্ম হ’ল ভাৰতত৷ অর্থাৎ ১ জানুৱাৰীৰ দিনা সমগ্র বিশ্বত জন্ম হোৱা শিশুৰ ভিতৰত ১৭ শতাংশই জন্মলাভ কৰিলে ভাৰতভূমিত৷ এই হিচাপত চীনকো অতিক্রম কৰি ইতিমধ্যে শীর্ষস্থান লাভ কৰিলে ভাৰতে৷ বছৰৰ প্রথম দিনটোত চীনত ভাৰতৰ তুলনাত ২১ হাজাৰৰো কম শিশুৱে জন্মলাভ কৰিলে৷ ইয়াৰ পৰাই প্রতীয়মান হয় যে জনসংখ্যা নিয়ন্ত্রণৰ বাবে চীনে গ্রহণ কৰা পদক্ষেপসমূহে কঠিন প্রত্যাহ্বানৰ পিছতো সফল হোৱাৰ দিশত আগবঢ়াৰ বিপৰীতে এইক্ষেত্রত ভাৰতে এটা খোজো আগবাঢ়িব পৰা নাই৷ উন্নত চিকিৎসা সেৱা আগবঢ়োৱাটো চৰকাৰৰ দায়িত্ব৷ ইয়াৰ ফলত মৃত্যুৰ হাৰ হ্রাস পোৱাটোও স্বাভাৱিক কথা৷ কিন্তু ইয়াক জনসংখ্যা বৃদ্ধিৰ কাৰণ হিচাপে কেতিয়াও গণ্য কৰা উচিত নহয়৷ সঠিক পৰিকল্পনা আৰু নীতিৰ দ্বাৰাহে জনসংখ্যা নিয়ন্ত্রণ কৰাটো সম্ভৱ, যিটো ক্ষেত্রত ভাৰত ব্যর্থ হৈছে৷

You might also like