নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক ব্রেক্সিট

65

সমগ্র ইউৰোপ মহাদেশৰ এক শক্তিশালী সংস্থা ইউৰোপীয় সংঘ (ইইউ)৷ এই ইউৰোপীয় সংঘৰ পৰা আনুষ্ঠানিকভাৱে শুকুৰবাৰে মাজনিশা ব্রিটেইনে বিদায় লোৱাৰ লগে লগে সমগ্র মহাদেশখনৰ ৰাজনীতিত নতুন অস্থিৰতাই দেখা দিয়াৰ আশংকা ঘনিভূত হৈছে৷ ২০১৬ত ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ প্রস্থানৰ বাবে অনুষ্ঠিত হৈছিল গণভোট৷ ব্রেক্সিট ৰূপে পৰিচিত এই গণভোটত ৫২ শতাংশ ব্রিটিছ নাগৰিকে ইউৰোপৰ সৈতে নথকাৰ পক্ষত ভোটদান কৰিছিল৷ লগে লগে ব্রিটেইনৰ ৰাজনীতিত সৃষ্টি হৈছিল প্রবল জোকাৰণি৷ এই ব্রেক্সিটৰ বাবে ক্ষমতা হেৰুৱাব লগীয়া হৈছিল তাৎক্ষণিকভাৱে তেতিয়াৰ প্রধানমন্ত্রী ডেভিড কেমেৰুণে৷ পৰৱর্তী সময়ত দেশখনৰ প্রধানমন্ত্রীৰ দায়িত্ব লাভ কৰিছিল থেৰেছা মেই৷ নেত্রীগৰাকীয়ে ব্রেক্সিট প্রক্রিয়া সম্পন্ন কৰিব নোৱাৰাৰ বাবেই হেৰুৱাবলগীয়া হৈছিল প্রধানমন্ত্রীৰ পদ৷ দেশখনৰ নতুন প্রধানমন্ত্রী বৰিছ জনছনৰ বাবেও এই ব্রেক্সিট প্রক্রিয়া আছিল তীব্র প্রত্যাহ্বান৷ কিন্তু ব্রেক্সিটৰ শ্লোগান দি বিগত নির্বাচনত অভূতপূর্ব বিজয় সাব্যস্ত কৰে জনছন নেতৃত্বাধীন কনজাৰভেটিভ দলে৷ লগে লগে ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ প্রস্থান নিশ্চিত হৈ পৰে৷ শুকুৰবাৰে নিশা ১১ বজাত ইউৰোপীয় সংঘই ব্রিটেইনক আনুষ্ঠানিক বিদায় দিয়াৰ সময়তে সংস্থাটোৰ অভ্যন্তৰত সৃষ্টি হয় শোকাকুল পৰিৱেশ৷ কিন্তু ব্রেক্সিটৰ পক্ষত থকা ব্রিটিছ লোকসকলৰ মাজত আৰম্ভ হয় আনন্দ উৎসৱ৷ সমর্থকসকলৰ মতে, ব্রিটেইনে এতিয়া আৰু ইউৰোপীয় সংঘৰ চর্ত মানি বছৰি বৃহৎ ধনৰাশি বৰঙণি হিচাপে আগবঢ়াব লগীয়া নহ’ব৷ গতিকে একপ্রকাৰ ব্রিটেইনে লাভ কৰিলে দ্বিতীয় স্বাধীনতা৷ অৱশ্যে ইউৰোপীয় সংঘৰ সৈতে ব্রিটেইনৰ নতুন সম্পর্ক কি হ’ব সেয়া যুগুতাই তুলিবলৈ আৰু এটা বছৰৰ প্রয়োজন হ’ব৷
ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ এই প্রস্থানক লৈ বিশ্লেষকসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে৷ পূর্বৰে পৰা ইউৰোপীয় সংঘত সন্তুষ্ট নাছিল ব্রিটেইন৷ লক্ষণীয়ভাৱে সংস্থাটোৰ জন্মৰ বহু পিছতহে ব্রিটেইন ইয়াৰ সৈতে চামিল হৈছিল৷ অর্থাৎ ইউৰোপীয় সংঘক লৈ এক অনিশ্চয়তা তথা সন্দেহ ব্রিটিছ জনসাধাৰণৰ পূর্বৰে পৰা আছিল৷ গতিকে বহু পলমকৈ সংস্থাটোৰ সদস্য পদ গ্রহণ কৰা ব্রিটেইনে অন্য অসন্তুষ্ট সদস্য ৰাষ্ট্রতকৈ পূর্বেই ইয়াৰ পৰা প্রস্থান কৰিলে৷ কিন্তু ব্রেক্সিটে ব্রিটিছ সাম্রাজ্যৰ অভ্যন্তৰতো সৃষ্টি কৰিছে অসন্তুষ্টি৷ এই ব্রেক্সিট প্রক্রিয়াক মানি লোৱা নাই স্কটলেণ্ডে৷ স্কটলেণ্ড হৈছে ব্রিটিছ সাম্রাজ্যৰ এক বৃহৎ অংশ৷ স্কটলেণ্ডৰ মুখ্যমন্ত্রী নিকোলা ষ্টাৰজেনে উল্লেখ কৰিছে যে স্কটলেণ্ড এসময়ত স্বাধীন ৰাষ্ট্র হিচাপে ইউৰোপীয় সংঘলৈ উভতি আহিব৷ মুখ্যমন্ত্রীৰ এই ঘোষণাৰ সময়তে উত্তৰ আয়াৰলেণ্ডৰ আৰমাগ সীমান্ত অঞ্চলত প্রবল ব্রেক্সিটবিৰোধী বিক্ষোভ দেখিবলৈ পোৱা গৈছে৷ উল্লেখনীয় যে এই অঞ্চলটোৰে জুৰি আছে আইৰিছ গণৰাজ্যৰ স্থল সীমান্ত৷ এই বিক্ষোভৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে ইউৰোপীয় সংঘৰ পৰা ব্রিটেইন মুক্ত হ’লেও ইয়াৰ অভ্যন্তৰত সৃষ্টি হ’ব অস্থিৰতা৷ অর্থাৎ ব্রিটিছ সাম্রাজ্যৰ পূর্বৰ মানচিত্রলৈ আহি পৰিব ভাবুকি৷ হয়তো এই ব্রেক্সিট প্রক্রিয়াই স্বাধীন স্কটলেণ্ডৰ দাবীক এনে এক পর্যায়লৈ লৈ যাব, যাৰ ফলত সমগ্র ব্রিটিছ সাম্রাজ্যত আৰম্ভ হ’ব এক অসন্তোষৰ বাতাৱৰণ৷ গতিকে ব্রেক্সিট প্রক্রিয়াক বিভিন্ন মহলে ঐতিহাসিক ঘটনা আখ্যা দিছে যদিও ব্রিটেইন তথা ইউৰোপৰ ৰাজনীতিত ইয়াৰ নেতিবাচক প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে ফ্রান্সকে ধৰি কেইবাখনো দেশে ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ এই প্রস্থানৰ ঘটনাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ ইউৰোপীয় সংঘৰ ঐক্যৰ প্রতি এয়া এক আঘাত হিচাপে চিহ্ণিত হোৱাৰ লগে লগে অন্য বিক্ষুব্ধ সদস্য ৰাষ্ট্রসমূহে অনুৰূপ পদক্ষেপ গ্রহণ কৰিব পাৰে৷ ইতিমধ্যে প্রায়বোৰ দেশতে ইউৰোপীয় সংঘৰ প্রতি অসন্তুষ্টি প্রদর্শন কৰা ৰাজনৈতিক দলৰ সাংগঠনিক শক্তি বৃদ্ধি পাইছে৷ গতিকে ভৱিষ্যতে ইউৰোপীয় সংঘৰ শক্তিলৈও ব্রেক্সিটে কঢ়িয়াই আনিব পাৰে আশংকা৷

You might also like