নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫ দিনৰ ভিতৰত আৰম্ভ হ’ব চিচি টিভি স্থাপনৰ কাম

গুৱাহাটী উচ্চ ন্যায়ালয়ত শপত নামা দাখিলঃ দৈনিক কাম-কাজৰ প্ৰতিবেদন দাখিল নিৰ্দেশ ন্যায়ালয়ৰ

14

নিয়মীয়া বাৰ্তা  ২৩ মাৰ্চঃ গুৱাহাটী মহানগৰীৰত সুচল যাতায়ত ব্যৱস্থা আৰু যান জঁটৰ সমস্যা সমাধান কৰাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যাৱতীয় কাম কাজ আৰম্ভ কৰিছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। ৪৫ দিনৰ ভিতৰত গুৱাহাটী মহানগৰীত চিচি টিভিৰ কেমেৰা সংস্থাপনৰ কাম-কাজ সম্পূৰ্ণ কৰা হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৭২/২০১৬ নম্বৰত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খনৰ শুনানিত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰশান্ত ধন্দাই এক শপতনামাত এই কথা সদৰী কৰে। ন্যায়ালয়ে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে চিচি টিভি স্থাপন কৰা বিষয়টো পৰিবহণ আয়ুক্ত আৰু যাতায়াত ব্যৱস্থা কিমান উন্নত হৈছে এই বিষয়টো আৰক্ষীক তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে প্ৰতিদিনৰ কাম কাজৰ খতিয়ানৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী মহানগৰীত চিচি টিভি কেমেৰা স্থাপনৰ নিবিদা অহা ৩০ এপ্ৰিলৰ ভিতৰত সমাপ্ত কৰিব বুলি স্মাৰ্ট চিটী লিমিটেডৰ পৰিচালন সঞ্চালক ধন্দাই জানিবলৈ দিয়ে। ন্যায়ালয়ত দাখিল কৰা শপতনামাত আইন-শৃংখলা জনিত পৰিস্থিতি আৰু যান-জঁট নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহ শপত নামাৰ জৰিয়তে ন্যায়ালয়ত দাখিল কৰিব লাগিব। অহা ৩০ এপ্ৰিলত ৭২/২০১৬ নম্বৰৰ এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ অনিয়ন্ত্ৰিত যান-জঁট, পৰিবহণ ব্যৱস্থাৰ উন্নীত কৰণৰ বাবে অধিবক্তা ৰীতা দাস মজুমদাৰৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খনৰ শুনানি গ্ৰহণ কৰি ইতিমধ্যে ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছিল। ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি চৰকাৰ তথ্য বিভাগীয় কৰ্তৃপক্ষই কাম-কাজ অব্যাহত ৰাখিছে।

You might also like