নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰঃ ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ পোৱালি জন্ম

75

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ অসমবাসীৰ বাবে এটি সুখবৰ এই যে বুধবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানত সম্প্ৰতি স্থাপিত প্ৰজনন কেন্দ্ৰত এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্ম হয়।

সোণালী বান্দৰ বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী । সেয়ে বনবিভাগে যোৱা কেইবছৰমান ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছিল যদিও সফল হোৱা নাছিল । বহুবছৰৰ মূৰত যোৱাবছৰ এটি মাইকী পোৱালি আৰু এইবাৰ যোৱানিশা এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্মেৰে এই বিপদাপন্ন প্ৰজাতিটোৰ বংশবৃদ্ধিৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক চিৰিয়াখানা । ৰাজ্যিক চিৰিয়াখানাৰ বন বিষয়া তেজস মৰিস্বামী আৰু ৰবীন বৈশ্যই জানিবলৈ দিছে এই কথা ।

You might also like