নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ছুপাৰ মাৰ্কেটত আৰম্ভ উৰণীয়া সেঁতুৰ কাম

সললি কৰা হৈছে পথৰ নিৰ্দেশনা

52

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ যান-যঁটৰ সমস্যা ৰোধ কৰাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে কেইবাখনো উৰণীয়া সেঁতু। গণেশগুৰিৰ পিছত এইবাৰ চুপাৰ মাৰ্কেটত আৰম্ভ হ’ল আন এখন উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। গড়কপ্তানী বিভাগৰ পৰা ইতিমধ্যে সকলোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

            আনহাতে ২ বছৰৰ ভিতৰত এই উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ হ’ব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে গড়কপ্তানি বিভাগে। ইতিমধ্যে সলনি কৰা হৈছে পথৰ নিৰ্দেশনা। খানাপাৰা দিশৰ পৰা অহা বাহনসমূহ প্ৰতিমা পাণ্ডে বৰুৱা পথৰে চুপাৰ মাৰ্কেট ওলাব লাগিব আৰু তাৰপিছত যাব পাৰিব গণেশগুৰিৰ দিশে। যাত্ৰীসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যান-বাহন বিভাগৰ লগতে বিভাগীয় কৰ্তৃপক্ষই।

You might also like