নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ চৌদিশে চলিছে ভোগালীৰ প্রস্তুতিঃ ভোগৰ সামগ্রীৰে ভৰিছে বজাৰ

14

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীৰ প্রান্তে প্রান্তে ভোগালীৰ প্রস্তুতি চলিছে৷ ‘কা’বিৰোধী আন্দোলনৰ মাজতে বাপতি সাহোন ভোগালীক আদৰিবলৈ মহানগৰবাসীয়ে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা ভোগালীৰ জলপান আৰু পিঠা–পনাৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ৷

বজাৰত উপলব্ধ হোৱা প্রতিকিলো জহা চাউল ৮০ টকাৰ পৰা ১০০ টকা, তিল ১৮২–২০০ টকা, মাটিমাহ ৮০–১০০ টকা, মুৰি ৪০ টকা, জহা চিৰা ৭০–৮০ টকা, খেজুৰৰ গুৰ ৮০–১০০ টকা, সৰভোগৰ ক্রীম ৬০০–৭০০ টকা, ৰামদিয়াৰ দৈ ১৮০–২২০ টকা, ম’হৰ দৈ ২৫০–৩০০ টকা, প্রতিযোৰ নাৰিকলৰ ১০০–১২০ টকাত বিক্রী কৰা পৰিলক্ষিত হৈছে৷

তদুপৰি মহানগৰীৰ ভোগালী মেলাসমূহৰ লগতে পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্রত উপলব্ধ হৈছে বিহুৰ বিভিন্ন প্রকাৰৰ খাদ্য সামগ্রী৷ বিশেষকৈ শিৱসাগৰৰ হুৰুম, সৰভোগৰ দৈ–ক্রীম, কোমল চাউল, তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাৰু, সান্দহ, মালভোগ চিৰা, লাহি চিৰা আৰু গুৰ আদি বিচাৰি বিপণন ক্ষেত্রত শ শ গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হয়৷

ইয়াৰ সমান্তৰালকৈ ভোগালী বিহু উপলক্ষে ক্রংকিটৰ মহানগৰীৰ প্রান্তে প্রান্তে মেজি আৰু ভেলাঘৰ সাজি হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে অসমীয়া৷

You might also like