নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত নিশা ট্ৰাকৰ খুন্দাত নিহত প্ৰবক্তা

দুধনৈতো দুৰ্ঘটনাত নিহত দুজনকৈ লোক

136

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ৮ মহীয়া  সন্তানৰ বাবে খাদ্য আনিবলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে পশু চিকিৎসা মহাবিদ্যালয়ৰ পশু পৰিপুষ্টি বিভাগৰ সহঃপ্ৰবক্তা ডাঃ ৰুণজুণ দুৱৰাই।

                    নিশা হ’লেই যেন মৃত্যুদূতত পৰিণত হয় ট্ৰাকসমূহ। মৃত্যুদূতৰূপী চিলিণ্ডাৰ কঢ়িয়াই অনা এখন ট্ৰাকে পিছফালৰ পৰা মহতিয়াই নিলে স্কুটীসহ প্ৰবক্তাগৰাকীক। খানাপাৰৰ ডেইৰী গেটৰ সন্মুখত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱতি লয় প্ৰবক্তাগৰাকীয়ে। কৰ্মসূত্ৰে হায়দৰাবাদত থাকে মৃত দুৱৰাৰ স্বামী।

                     আনহাতে দুধনৈৰ আমজোংগাতো দুৰ্ঘটনাত নিহত হয় দুজনকৈ লোক। ট্ৰাকৰ খুন্দাত নিহত হৰি মালো আৰু অনিল ঘোষ নামৰ দুজন লোক। বাইকৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা মহতিয়াই নিয়ে ট্ৰাকে। স্থানীয়লোকে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।

 

You might also like