নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰত ১.৮৪ কোটি টকাৰ সোণসহ ৭জনক গ্রেপ্তাৰ

বেংককৰ পৰা ৰেকটামত ৪.৪৯ কেজি চোৰাং সোণ সৰবৰাহঃ ডিআৰআইৰ অভিযান

30

নিয়মীয়া বাৰ্তা,১১ জানুৱাৰীঃ সোণ সৰবৰাহৰ ট্রেনজিট পইণ্টত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ সৰবৰাহকাৰী চক্রই নিতৌ ন ন কৌশল অৱলম্বন কৰি কোটি কোটি টকাৰ চোৰাং সোণ সৰবৰাহ কৰি আহিছে ৷ বিশেষকৈ ৰে’ল আৰু বিমানযোগে সৰবৰাহকাৰী চক্রই সোণ সৰবৰাহ কার্য চলাই আহিছে যদিও আৰক্ষী–নিৰাপত্তাৰক্ষীৰ লোকে সৰবৰাহ কার্য ৰোধ কৰাত চূড়ান্ত ব্যর্থ হৈছে ৷ বৃহস্পতিবাৰে পুৱতিনিশা বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা এক গোপন সূত্রৰ পম খেদি ৰাজহ চোৰাংচোৱাই ৪.৪৯ কিলোগ্রাম চোৰাং সোণ জব্দ কৰাৰ লগতে বহিঃৰাজ্যৰ সাতজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে ৷ ডিআৰআইৰ এক সূত্রই সদৰী কৰা মতে ধৃত সৰবৰাহকাৰীকেইজন্ বিহাৰ আৰু দিল্লীৰ বাসিন্দা আৰু তেওঁলোকে দীর্ঘদিন ধৰি সোণ সৰবৰাহ কার্যত জড়িত হৈ আছিল৷ কালি বেংককৰ পৰা বিমানযোগে সৰবৰাহকাৰীকেইজন গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত নিশা উপস্থিত হয় ৷ সেই সময়তে বৰঝাৰস্থিত বিমানবন্দৰত ডিআৰআইৰ দলটোৱে উপস্থিতি হৈ সৰবৰাহকাৰীকেইজন্ কৰায়ত্ত কৰি নির্ধাৰিত কৌশল অৱলম্বন কৰি সোণখিনি উদ্ধাৰ কৰে ৷ উল্লেখ্য যে ধৃত সৰবৰাহকাৰীকেইজন্ ‘ৰেকটামত’ সোণ কঢ়িয়াই আনিছিল৷ আজি ধৃত সৰবৰাহকাৰীকেইজন্ আদালতত হাজিৰ কৰাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ডিআৰআইৰ অভিযানকাৰী দলটোৱে আৰক্ষীৰ সহযোগত সোণখিনি জব্দ কৰি ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাৰিছে৷ উল্লেখ্য যে ধৃত সৰবৰাহকাৰীকেইজন্ সঘনাই বেংককৰ পৰা ভাৰতৰ বিভিন্ন প্রান্তলৈ বিমানযোগে চলাচল কৰি আহিছে৷ ডিআৰআয়ে জব্দ কৰা চোৰাং সোণখিনিৰ বজাৰ মূল্য প্রায় ১.৮৪ কোটি টকা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই সন্দর্ভত পৰৱর্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি ডিআৰআইৰ সূত্রই জানিবলৈ দিছে৷

You might also like