নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠ আৰক্ষীৰ জালত সন্দেহজনক বাংলাদেশী

51

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ বশিষ্ঠ আৰক্ষীৰ জালত সন্দেহজনক বাংলাদেশী। ধৃত বাংলাদেশীটোৰ নাম নজৰুল ইছলাম। আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি NRCত নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ নজৰুলৰ বিৰুদ্ধে। আনহাতে নজৰুলৰ বিৰুদ্ধে আছে কেতবোৰ অন্য অভিযোগ মহানগৰীৰ বিভিন্ন স্থানত ভূমি বেদখলৰ চেষ্টা কৰিছিল অভিযুক্ত বাংলাদেশীটোবে। এই সন্দৰ্ভত নজৰুলৰ বিৰুদ্ধে তিনিজনকৈ লোকে ইতিমধ্যে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে নজৰুলক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।