নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্দেশ আওকাণ কৰি ফাঁচীবজাৰত জনসমাগম

ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধক লৈ চৰকাৰ–প্রশাসনৰ তৎপৰতালৈ বুুঢ়া আঙুলি

66

নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণে সমগ্র বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ ইখনৰ পিছত সিখন দেশলৈ এই মাৰাত্মক ক’ৰোনা ভাইৰাছ বিয়পি পৰাত হাজাৰ হাজাৰ লোক আক্রান্ত হোৱাত সমগ্র বিশ্বতে আতংকৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছে ভাৰতৰ ৰাজধানী দিল্লীকে ধৰি মুম্বাই, ৰাজস্থান, কেৰালা, বিহাৰ আদি কেইবাখনো ৰাজ্যত বহুলোকক আক্রমণ কৰিছে ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ ইতিমধ্যে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰসমূহে বিভিন্ন পদক্ষেপ গ্রহণ কৰি দেশবাসীক সতর্ক হ’বলৈ আহ্বান জনাইছে ৷ বিশেষকৈ এই মাৰাত্মক ভাইৰাছ যাতে ইজনৰ পৰা আনজন লোকৰ দেহলৈ সংক্রমিত হ’ব নোৱাৰে তাৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰাৰ লগতে সর্বসাধাৰণ লোকক জনসমাগমৰ পৰা আঁতৰি থকাৰ নির্দেশ দিছে ৷

অসমতো ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰি সর্বসাধাৰণ ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷ বিশেষকৈ ৰাজ্যবাসীক আন ব্যক্তিৰ ওচৰ চপাৰ ক্ষেত্রত অতি কমেও এক মিটাৰ দূৰত্ব বজাই ৰখাৰ সমান্তৰালকৈ সঘনাই চাবোন পানী অথবা ছেনিটাইজাৰেৰে হাত ধোৱা আৰু পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰাখি যথাসম্ভৱ নিজকে জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ চৰকাৰ–প্রশাসনে আহ্বান জনাইছে ৷ কিন্তু ৰাজ্যৰ অন্য প্রান্তৰ কথা বাদেই, গুৱাহাটী মহানগৰীতো একাংশ লোকে জুম বান্ধি থকাৰ লগতে বজাৰত শ শ লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই দেওবাৰে সমগ্র দেশবাসীয়ে জনতা সান্ধ্য আইন পালন কৰাৰ পিছত সন্ধিয়া জৰুৰী সেৱাত জড়িত লোকসকলক কৃতজ্ঞতা জনোৱাৰ নামত মহানগৰীৰ একাংশ লোকে লক্ষ্মণ ৰেখা অতিক্রম কৰি দবা–শংখ বজাই ৰাজপথত সমদল কৰা পৰিলক্ষিত হয় ৷ এই ঘটনাক লৈ সচেতন মহলে উদ্বিগ্নতা প্রকাশ কৰাৰ সময়তে সোমবাৰে পুৱা পুনৰ চৰকাৰ প্রশাসনৰ নির্দেশ উলংঘা কৰি মহানগৰীৰ ফাঁচীবজাৰ–গণেশগু বজাৰত অত্যাৱশ্যকীয় সামগ্রী তথা পাচলিৰ দোকানত গ্রাহক–ক্রেতাই অভাৱনীয় ভিৰ কৰা পৰিলক্ষিত হয়৷ চৰকাৰৰ নির্দেশলৈ বুঢ়া আঙুলি দেখুৱাই মহানগৰীৰ বজাৰত এইদৰে ভিৰ কৰা লোকৰ ভুলৰ বাবেই ৰাজ্যত ভয়ংকৰ অমানিশা নামি অহাৰ সম্ভাৱনাই দেখা দিছে ৷

You might also like