নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাৰকাৰে ভৰিছে গুৱাহাটী

76

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ কাইলৈ ফিল্মফেয়াৰ এৱাৰ্ডছ। উদুলি-মুদুলি মহনগৰীত ভিৰ কৰিছে বলীউদৰ বহু প্ৰতিষ্ঠিত নামী-দামী তাৰকাই। ইতিমধ্যে বিমান বন্দৰত উপস্থিত হৈছেহি মাধুৰী দীক্ষিত,কৰণ জোহৰ, বিকি কৌশল. আয়ুস্মান খোৰানা, বৰুণ ধাৱন, ৰণবীৰ সিঙকে বহু শিল্পী।

               কাইলৈ অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ অনুষ্ঠানত অংশ ল’ব সকলো তাৰকাই। অসমৰ শিল্পীয়েও অংশগ্ৰহণ কৰিব ফিল্মফেয়াৰ অনুষ্ঠানত। কটকটীয়া নিৰাপত্তাৰ মাজেৰে সকলো তাৰকাক লৈ যোৱা হৈছে। আনহাতে গুৱাহাটীত উপস্থিত হৈ সকলো তাৰকাই ফিল্মফেয়াৰক লৈ উৎসাহী বুলি মন্তব্য কৰে।

You might also like