নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰুৰীকালীন সেৱাৰে জড়িতক কৃতজ্ঞতাৰ নামত বহুৱালি

মণিপুৰীবস্তিত খোল–তাল লৈ একাংশৰ সমদল

61

নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ সতর্কতা অৱলম্বন কৰাৰ লগতে দেওবাৰে পুৱাৰে পৰা নিশা ৯ বজালৈ দেশবাসীক জনতা সান্ধ্যআইন পালন কৰিবলৈ আহ্বান জনাইছিল প্রধানমন্ত্রীয়ে ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ দেশবাসীয়ে প্রধানমন্ত্রী মোদীৰ আহ্বানৰ প্রতি স্বতঃস্ফূর্ত সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীৰো নাগৰিকে পুৱা সাত বজাৰ পৰা জনতা সান্ধ্যআইন পালন কৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকে৷ জৰুৰী সেৱাৰ বাহিৰে সকলো নাগৰিকে নিজকে পুৱাৰে পৰা ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি মহামাৰীৰ সৈতে ঐক্যবদ্ধ যুঁজ দিয়াৰ এক নিদর্শন দাঙি ধৰা পৰিলক্ষিত হয়৷ কিন্তু বিয়লি প্রায় ৪.৪৫ বজাৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত একাংশ ৰাইজে খোল–তাল বৰকাঁহ লৈ সমদল কৰি ৰাজপথত ওলাই অহা পৰিলক্ষিত হয়৷ বিশেষকৈ মহানগৰীৰ পল্টন–বজাৰৰ মণিপুৰী বস্তিত একাংশ লোকে হাতে হাতে বৰকাঁহ খোল–তাল বজাই ৰাজপথত সমদল কৰে৷ লক্ষণীয়ভাৱে আৰক্ষীৰ সন্মুখেৰে সমদল কৰি একাংশ ৰাইজে আনন্দ–উল্লাস কৰা পৰিলক্ষিত হয় যদিও কর্তব্যৰত আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হয়৷ অৱশ্যে মহানগৰীৰ অধিকাংশ লোকে নিজ নিজ বাসগৃহ অথবা কার্যালয়ত হাত–চাপৰি আৰু অন্যান্য বাদ্যযন্ত্র বজাই জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে বিয়লি পাঁচ বজাত স্বাস্থ্যকর্মী, আৰক্ষী, সাংবাদিক আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সৈতে জড়িত হৈ কার্য সম্পাদন কৰাসকলক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ নিজ গৃহৰ পৰাই হাতচাপৰি অথবা বাদ্য বজাবলৈ আহ্বান জনাইছিল৷ কিন্তু একাংশ লোকে প্রধানমন্ত্রীৰ আহ্বানৰ বাহিৰত গৈ ৰাজপথত সমদল কৰাত সচেতন মহলত প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷

You might also like