নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা কাৰ্ফিউঃ বিয়লি হাত চাপৰি, শংখ বজাই ৰাইজৰ কৃতজ্ঞতা

প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাইছে সকলোৱে

47

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ প্ৰধানমন্ত্ৰীৰ জনতা কাৰ্ফিউৰ আহ্বান। সমগ্ৰ দেশৰ লগতে আজি স্তব্ধ হৈ পৰিল মহানগৰীৰ জীৱনযাত্ৰা। সকলোৱে এই আহ্বানৰ প্ৰতি সঁহাৰি জনালে প্ৰতিজন ভাৰতীয়ই। এক নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিলে সকলোতে। বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ পৰা জনসাধাৰণক অধিক সজাগ কৰিবৰ বাবে আজিৰ দিনটোত ঘৰতে আবদ্ধ কৰি ৰাখিলে সকলোৱে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীও তাৰ ব্যতিক্ৰম নহয়। জৰুৰীকালীন সেৱাত ব্ৰতী থকা লোকসকলৰ বিপৰীতে বিনাকাৰণত কোনো লোকেই ওলাই অহা পৰিলক্ষিত নহ’ল। হয়তু সকলোৱে বুজি উঠিছে এয়া সাৱধানতা গ্ৰহণ কৰাৰ সময়। নিজে সতৰ্ক হৈ আন দহজনকো সতৰ্ক কৰাৰ সময়। সদাব্যস্ত মহানগৰীৰ জি এছ ৰোডকে ধৰি বিভিন্ন অঞ্চলত দেখা নগ’ল এজনো লোক। সকলোতে জনশূণ্য।

       ঠিক সেইদৰে প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে বিয়লি প্ৰায় ৫ বজাত অতি জৰুৰী অৱস্থাত নিজৰ কামৰ তাগিদাত ব্যস্ত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল তথা আৰক্ষী-প্ৰশাসনৰ লোকসকল আৰু যিসকলে নিজকে জনতাৰ সুৰক্ষাৰ স্বাৰ্থত অৰ্পণ কৰিছে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৱে হাত-চাপৰি, শংখ-ঘণ্টা বজায়।  সকলো সজাগ হোৱা লগতে প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাইছে সকলোৱে।

 

You might also like