নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত লুপ্তপ্রায় হাড়গিলাৰ জন্মক লৈ অনুষ্ঠান

43

অলপতে অসম ৰাজ্যিক চিৰিয়াখানাত লুপ্তপ্রায় হাড়গিলাই পোৱালি জগোৱা উপলক্ষে দেওবাৰে চিৰিয়াখানাত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বনমন্ত্রী পৰিমল শুক্লবৈদ্য আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গ্রীন অস্কাৰ বঁটা বিজয়ী ড০ পূর্ণিমা দেৱী৷

অনুষ্ঠানত দুয়োগৰাকী অতিথিয়ে লুপ্তপ্রায় হাড়গিলাই পোৱা জগোৱাৰ বাবে চিৰিয়াখানাৰ কেইবাগৰাকী বিষয়ববীয়াক সম্বর্ধনা জনোৱাৰ লগতে হাড়গিলা সংৰক্ষণৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰে৷ চিৰিয়াখানাৰ ডি এফ অ’ তেজস্ব মাৰিস্বামীৰ উপস্থিতিত বনমন্ত্রী শুক্লবৈদ্যই ড০ পূর্ণিমা দেৱীসহ তেওঁৰ সৈতে হাড়গিলা সংৰক্ষণত জড়িত থকা কেইবাগৰাকী ব্যক্তিক সম্বর্ধনা জনায়৷

ইপিনে পোন প্রথমবাৰৰ বাবে চিৰিয়াখানাত হাড়গিলাই পোৱালি জগোৱাৰ বাবে কর্মচাৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷

You might also like