নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত KTM 390 মুকলি

85

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ গুৱাহাটীত মুকলি হ’ল বহু প্ৰতীক্ষিত কেটিএম ৩৯০ মটৰচাইকেল । ৪৩ এইচ পি যুক্ত আৰু ৩৭ এন এম টৰ্কৰ সৈতে কেটিএম ৩৯০ ক লৈ বাইক আৰোহী সকলৰ উৎসুকতাক চেৰ পেলাই আজি মুকলি কৰা হয় এই মটৰচাইকেল ।

যুৱকসকলৰ সকলৰ মাজত সততেই কেটিএমৰ প্ৰতি থকা দুৰ্বলতা আৰু প্ৰত্যাশাৰ ওৰ পেলাই মুকলি হোৱা ৩৯০ কেটিএমত সংযুক্ত কৰা হৈছে এক বিশেষ সুবিধা । মোবাইলৰ ব্লুটুথৰ সৈতে সংযোগ কৰিব পৰা লগতে ই আপোনাক ফোন, সংগীত আৰু প্ৰতিটো পথ দেখুৱাই যোৱাত সহায় কৰিব ।

১৬২ কিলো ওজনৰ ১৪.৫ লিটাৰৰ টেংকিযুক্ত কেটিএম ৩৯০ ক এডভেঞ্চাৰ ট্ৰেভেলৰ লগতে দৈনিক চহৰত ব্যৱহাৰৰ বাবে উপযোগীকৈ গঢ়ি তোলা হৈছে । ৬ গীয়েৰ যুক্ত কেটিএম থ্ৰীৰ গুৱাহাটীত এক্স শ্ব’ৰোম মূল্য হৈছে ২,৯৯,০০১ টকা ।

You might also like