নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ফিল্মফেয়াৰ, প্ৰশাসনৰ বিশেষ ট্ৰেফিক নিৰ্দেশনা

102

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ কাইলৈ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বহু প্ৰতিক্ষীত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান। আজি বিয়লি আহি গুৱাহাটী বিমান বন্দৰ পাবহি বহু তাৰকা। ইতিমধ্যে তাৰকাসকলক ওচৰৰ পৰা এবাৰ চাবৰ বাবে বিমান বন্দৰত ভিৰ কৰিছে বহু লোকে। আজি ২ বজাত আহি পাব ৰণবীৰ সিং, মাধুৰী দিক্ষীত, কৰণ জোহৰ, বৰুণ ধাৱন, বিকি কৌশলকে ধৰি বহু প্ৰতিষ্ঠিত শিল্পী। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বিমান বন্দৰৰ চৌহদত ৰখা বিলাসী বাহনত তাৰকা সকলক লৈ যোৱা হ’ব গন্তব্য স্থানলৈ। নিশা ১ বজাত ছাৰ্টাড ফ্লাইটযোগে আহি পাবহি অক্ষয় কুমাৰ। 

              আনহাতে ফিল্মফেয়াৰৰ বাবে কটকটীয়া কৰি তোলা হৈছে সৰুসজাই ষ্টেডিয়ামৰ নিৰাপত্তা ব্যৱস্থা। মহানগৰ প্ৰশাসনে সংবাদমেলযোগে জাৰি কৰিছে বিশেষ ট্ৰেফিক নিৰ্দেশনা-

  • বিয়লি ৩.৪৫ বজাত  প্ৰৱেশ কৰিব লাগিব ষ্টেডিয়ামত
  • বিশেষ PASS থকা বাহনহে ষ্টেডিয়ামৰ ভিতৰলৈ সোমাব পাৰিব
  • লখৰা দিশৰ পৰা অহা গাড়ীসমূহ পাৰ্কিং কৰিব লাগিব বেহৰবাৰীত
  • খানাপাৰৰ পৰা অহা গাড়ী দৰ্শকক নমাই পঠিয়াই দিয়া হ’ব লখৰালৈ
  • অন্য দৰ্শকে সৰুসজাই মূল গেটৰ সন্মুখত থকা ৰংমন পইণ্টত গাড়ীৰ পৰা নামিব লাগিব
  • ২৭টাকৈ বিনামূলীয়া পাৰ্কিঙৰ ব্যবস্থা, নিৰাপত্তাৰ বাবে পাৰ্কিঙত CCTV ব্যবস্থা
  • বিয়লি ৩বজাৰ পৰা নিয়ন্ত্ৰণ কৰা হ’ব ট্ৰাকসমূহৰ চলাচল
  • সাউকুছি পইণ্টৰ পৰা হকী ষ্টেডিয়াম পথ বিয়লি ৩বজাৰ পৰা যান-বাহনৰ বাবে নিষিদ্ধ
You might also like