নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ কেৰালা–মুম্বাইত আবদ্ধ পশ্চিম মায়ঙৰ যুৱক

50

নিয়মীয়া বার্তা, ২৩ মার্চঃ দেশজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিয়পি পৰাৰ পৰিপ্রেক্ষিতত কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সম্প্রতি আবদ্ধ হৈ থকা বহুসংখ্যক যুৱকক লৈ চিন্তিত হৈ পৰিছে মহানগৰীৰ সমীপৱর্তী পশ্চিম মায়ঙৰ শতাধিক পৰিয়াল ৷ নিজ সন্তান তথা ভাইৰাছবিধৰ ব্যাপক সংক্রমণ ঘটা ৰাজ্যসমূহত একপ্রকাৰ গৃহবন্দী সদৃশ জীৱন যাপন কৰিবলগীয়া হোৱাত পৰিয়ালৰ লোকসকলে বিনিদ্র ৰজনী কটাবলগীয়া অৱস্থা হৈছে ৷ ক’ভিড–১৯ নামৰ ভাইৰাছবিধে সমগ্র দেশত ভয়াৱহ ৰূপ লোৱাত শেহতীয়াকৈ ৰে’ল চলাচল বন্ধ কৰি দিছে চৰকাৰে ৷ ফলত তাত নিয়োজিত হৈ থকা অধিকসংখ্যক যুৱক আবদ্ধ হৈ পৰিছে কর্মস্থানসমূহত ৷ ইফালে উল্লেখিত স্থানকেইটাত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ভয়াৱহ ৰূপে বৃদ্ধি পাবলৈ লোৱাত সকলো অনুষ্ঠান–প্রতিষ্ঠান বন্ধ কৰি দিয়া তথা একপ্রকাৰ লক ডাউন ঘোষণা কৰাৰ ফলততাত থকা যুৱকসকল আতংকিত হৈ পৰিছে৷ আনহাতে, তেওঁলোকৰ পৰিয়াল আৰু আত্মীয়ৰ মাজতো দেখা দিছে সেই আতংকই৷ অৱশ্যে পৰিয়ালে ফোনযোগে যুৱকসকলৰ লগত যোগাযোগ কৰি তেওঁলোক এই ভাইৰাছত সংক্রমিত হোৱা নাই বুলি জানিব পাৰিছে যদিও ঘৰলৈ উভতি আহিব নোৱৰাত যুৱককেইজনৰ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে ৷

You might also like