নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহলৈ বৃদ্ধি ৰে’লৰ টিকটৰ ধন ঘূৰাই দিয়াৰ সময়

64

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ বিশ্বজুৰি আতংকৰ কাৰণ হৈ পৰা ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ষ্টেচনত সমাৱেশ হ’বলৈ নিদিয়া বা সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে ৰে’লৱে ব’র্ডে দিয়া নির্দেশাৱলীৰ আধাৰত উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই যাত্রীক টিকটৰ ধন ঘূৰাই দিয়া ব্যৱস্থা শিথিল কৰিছে ৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে এই শিথিলকৰণ ব্যৱস্থা ২১ মার্চত আৰম্ভ হৈছে আৰু ১৫ এপ্রিলৰ ভিতৰত যাত্রা কৰিবলগীয়া টিকটৰ ক্ষেত্রতহে প্রযোজ্য হ’ব৷ বিশেষকৈ সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে ২২ মার্চ–১৫ এপ্রিলৰ ভিতৰত যিসমূহ ৰে’লৰ যাত্রা ৰে’লৱেই বাতিল কৰিছে বা যাত্রী এগৰাকীয়েও যাত্রা কৰিব বিচৰা নাই, তেনে যাত্রীয়ে এই শিথিল কৰাৰ সুবিধা ল’ব পাৰিব৷ এই শিথিলকৰণ ব্যৱস্থা অনুসৰি যাত্রী এগৰাকীয়ে বর্তমানৰ যাত্রা বাতিলৰ তিনি দিনৰ সলনি এতিয়া যাত্রা কৰিবলগীয়া দিনটোৰ পৰা এমাহৰ ভিতৰত ৰে’লৱে ষ্টেচনত কাউণ্টাৰত প্রকৃত টিকট জমা দি ধন ঘূৰাই ল’ব পাৰিব৷ ইয়াৰ উপৰি যিসকল যাত্রীয়ে ১৩৯ৰ জৰিয়তে টিকট বাতিল কৰিব বিচাৰে তেওঁলোকেও যাত্রা কৰিবলগীয়া দিনটোৰ পৰা এমাহৰ ভিতৰত যিকোনো কাউণ্টাৰৰ পৰা ধন ঘূৰাই পাব৷ অৱশ্যে ই–টিকটৰ যাত্রীয়ে ধন ঘূৰাই পাবৰ বাবে যিহেতু ষ্টেচনলৈ আহিব নালাগে, তেওঁলোকৰ ক্ষেত্রত পূর্বৰ নিয়ম বাহাল থাকিব বুলি মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই সদৰী কৰিছে৷ উল্লেখ্য যে উত্তৰ–পূবৰ সকলোকে বহিঃৰাজ্যলৈ যোৱাৰ বাবে ইতিপূর্বে ৰিজার্ভেচন টিকট ক্রয় কৰিছিল আৰু দেশৰ সাম্প্রতিক পৰিস্থিতৰ বাবে এইসকল যাত্রীৰ বহিঃৰাজ্য ভ্রমণৰ কার্যসূচী বাতিল হৈছে ৷

You might also like