নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰা থানাৰ আৰক্ষী বিষয়াক সম্বর্ধনা

29

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ আজাৰা থানাৰ বিদায়ী আৰু নৱনিযুক্ত ভাৰপ্রাপ্ত বিষয়া ক্রমে অশোক কুমাৰ দত্ত আৰু প্রদীপ কলিতাক কালি নিশা থানা চৌহদত ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱা হয়৷ এই উপলক্ষে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে আজাৰা থানাৰ নাগৰিক কমিটীৰ সভাপতি চন্দ্রধৰ দাসে আৰু আঁত ধৰে থানাৰ ছেকেণ্ড অফিচাৰ হস্তই চুলা ব্রহ্মই৷ সভাত বিদায়ী ভাৰপ্রাপ্ত বিষয়া অশোক কুমাৰ দত্তই ভাষণ প্রসংগত ২০১৬ চনৰ নৱেম্বৰ মাহত আজাৰা থানাত যোগদান কৰাৰ পৰা চলিত মাহৰ ১১ ফেব্রুৱাৰীলৈ নিজৰ কার্যকাল, অভিজ্ঞতা সম্পর্কে চমু আলোকপাত কৰি কর্তব্য সমাপনৰ সময়ত সকলোৰে পৰা পোৱা সহায়–সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ নৱনিযুক্ত ভাৰপ্রাপ্ত বিষয়া প্রদীপ কলিতায়ো ভাষণ প্রসংগত সকলোৰে পৰা সহায়–সহযোগিতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷ সভাত আজাৰা থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ভাবিত দাস আৰু সম্পাদক ৰবীন ভূঞা, পশ্চিম গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা নিতু ৰাজবংশী, আজাৰা থানা যান–বাহন শাখাৰ ভাৰপ্রাপ্ত বিষয়া দেৱকান্ত পাংগিকে ধৰি কেইবাগৰাকী আৰক্ষী বিষয়া উপস্থিত থাকে৷ আনহাতে বিদায়ী আৰক্ষী বিষয়া অশোক কুমাৰ দত্তক শৰাই, গামোচা, জাপি, ফুলৰ থোপা, আৰনাই, মানপত্র আৰু কিতাপৰ টোপোলাৰে সম্বর্ধনা জনোৱা হয়৷

You might also like