নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BS6 Hero Pleasure+ 110 স্কুটি মুকলি; কি কি থাকিব বিশেষ সুবিধা –

99

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দেশৰ সৰ্ব বৃহৎ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হিৰো মটৰক’ৰ্পে তেওঁলোকৰ নতুন BS6 প্লীজাৰ প্লাছ ১১০ স্কুটি মুকলি কৰিছে । ইয়াৰ ছেল্ফ ষ্টাৰ্ট ভাৰ্চনটোৰ মূল্য হ’ব ৫৪,৮০০ টকা, বিপৰীতে ছেল্ফ ষ্টাৰ্ট এলয় হোইল ভাৰ্চনটোৰ মূল্য হ’ব ৫৬,৮০০ টকা ।

উল্লেখ্য যে এই BS6 Hero Pleasure+ 110 স্কুটিখন অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা নিৰ্মান কৰা হৈছে । যাৰ বাবে পূৰ্বতকৈ প্ৰায় ১০ শতাংশ মাইলেজ বেছিকৈ দিব এই স্কুটিখনে । লগতে এই নতুন মডেলটোত বিভিন্ন প্ৰকাৰৰ গ্ৰাফিকছৰো ব্যৱহাৰ কৰা হৈছে । অৱশ্যে ইয়াৰ বাহ্যিক সৌন্দৰ্য পূৰ্বৰ দৰেই ৰাখিছে কোম্পানীটোৱে ।

You might also like