নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত মুকলি টাটা এল্ট্র’জ

47

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ গুৱাহাটীৰ বিমল কার্ছ আৰু কামাখ্যা মটর্ছত টাটা মটর্ছৰ বহু প্রত্যাখিত যাত্রীবাহী কাৰ প্রিমিয়াৰ লল্ড ষ্টেণ্ডার্ড ‘টাটা এল্ট্র’জ মুকলি৷ মুকলি কৰে মাণ্ডলিক প্রবন্ধক ৰিতেশ বশিষ্ঠে, লগতে উপস্থিত থাকে উত্তৰ–পূর্বাঞ্চলৰ ক্ষেত্রীয় প্রবন্ধক সোমেন পাল, প্রবন্ধক নয়ন গৌৰৱ, বিমল কার্ছৰ স্বত্বাধিকাৰী বিমল ছেৰাউগী আৰু কামাখ্যা মটর্ছৰ স্বত্বাধিকাৰী ৰোহিত মালহোত্রা৷

পাঁচখন আসনযুক্ত এল্ট্র’জখনৰ প্রাৰম্ভিক মূল্য পেট্রল ৫.২৯ লাখ টকা আৰু ডিজেলত ৬.৯৯ লাখ টকা৷ এল্ট্র’জৰ বি এছ ৬ত ১.২ লিটাৰৰ পেট্র’ল ইঞ্জিনৰ লগতে ১.৫ লিটাৰৰ ডিজেল ইঞ্জিনো বজাৰত উপলব্ধ কৰিছে টাটা মটর্ছে৷ এল্ট্র’জখন পাঁচটা ৰঙত উপলব্ধ অর্থাৎ– ডাউন টাউন ৰেড, হাইহচট্রিড গল্ড, এভেনু হোৱাইটছ, মিডটাউন গ্রে, ইচকাই লাইন ছিলভাৰত পোৱা যাব এই বিলাসী গাড়ীখন৷

You might also like