নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক তিনিমাহলৈ সকলোধৰণৰ ঋণৰ EMI ৰেহাই

326

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ আগন্তুক তিনি মাহ পৰ্যন্ত আপুনি কোনোধৰণৰ ইএমআই দিব নালাগে । সকলোধৰণৰ ঋণৰ ক্ষেত্ৰতে ৩ মাহলৈ ইএমআই স্থগিত । শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ।

ক’ৰোনাৰ ভাইৰাছ আতংকৰ বাবে সমগ্ৰ বিশ্বতে এতিয়া বন্ধ হৈ আছে ব্যৱসায়-বাণিজ্য । দেশৰ অৰ্থনীতি নিম্নগামী হোৱাৰ এই পৰিস্থিতিত ৰেপ’ ৰেট আৰু ৰিভাৰ্ছ ৰেপ’ ৰেট কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ।

যিকোনো পৰিস্থিতিতে দেশৰ অৰ্থনীতিক নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত এইটো সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰে শক্তিকান্ত দাসে । তেওঁ উল্লেখ কৰে যে, খাদ্যবস্তু আৰু তেলৰ দাম কোনোপধ্যে বাঢ়িবলৈ নিদিয়াটোৱে হৈছে আৰ বি আইৰ প্ৰধান লক্ষ্য ।

You might also like