নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ‘লক ডাউন’ ঘোষণা কৰিব নেকি চৰকাৰে ? কি ক’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

493

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ভয়াৱহ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যত ‘লক ডাউন’ ঘোষণা কৰিব লাগে বুলি সবৰ্ত্ৰে চৰ্চা চলি থকাৰ সময়তে শনিবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ সাংবাদিকৰ আগত স্পষ্টভাৱে কয় যে- সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত হঠাৎ ‘লক ডাউন’ ঘোষণা কৰিলে ৰাজ্যৰ পৰিৱেশ বেলেগ হৈ পৰিব । কাৰণ চাউল, দাইলকে ধৰি অসমৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ বহিঃৰাজ্যৰ পৰা আহে । মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বাবে খাদ্য-সামগ্ৰী মজুত থাকিব পাৰে । কিন্তু সাধাৰণ মানুহৰ ক্ষেত্ৰত হয়তো দুই-এদিনৰহে থাকিব ।

তেওঁ লগতে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধকল্পে প্ৰত্যেককে নিজকে নিজে সংযমী কৰিবলৈ আহ্বান জনায় ।

You might also like