নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭১ নহয়, বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৬৬

অসম চুক্তি হাতত লৈ বিধনসভাত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তথ্য

95

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ ১৯৭১ চন অসম চুক্তিত বিদেশী চিনাক্তকৰণৰ তাৰিখ তথা ভিত্তিবৰ্ষ হল ১৯৬৬ চনৰ ১ জানুৱাৰী। এই গুৰুত্বপূৰ্ণ মন্তব্য বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে অসম বিধানসভাৰ বিশেষ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰী ড০ শৰ্মাই নাগৰিকত্ব সংশোধনী আইন(কা)ৰ প্ৰসংগত হাতত অসম চুক্তি লৈ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে। অসম চুক্তিৰ ৫ নং দফাৰ উদ্ধৃতিৰে তেওঁ কয় ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমলৈ অহা বিদেশীসকলক বিদেশী আইন, ১৯৪৬ আৰু বিদেশী(ন্যায়াধিকৰণ) নিৰ্দেশ, ১৯৬৪ৰ ব্যৱস্থাৰ অধীনত চিনাক্ত কৰি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ বাদ দিব লাগে৷ সংশ্লিষ্ট লোকসকলে বিদেশী আইন, ১৯৩৯ আৰু বিদেশী পঞ্জীয়ন বিধি, ১৯৩৯ৰ অধীনত সংশ্লিষ্ট জিলাৰ পঞ্জীয়ন বিষয়াৰ ওচৰত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব৷ ভোটাৰ তালিকাৰ পৰা কর্তন হোৱাৰ সময় ১০ বছৰ উকলি গ’লে তেওঁলোকৰ নাম পুনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ কথা অসম চুক্তিত উল্লেখ আছে৷ ১৯৭১ চনটো ১০ বছৰ ভোটাৰ তালিকাৰ পৰা নাম কর্তন হোৱাসকলৰ ক্ষেত্রতহে ভিত্তিবর্ষ৷ আমি বিদেশী চিনাক্ত–বিতাড়নৰ ভিত্তিবর্ষ ১৯৭১ চন বুলি ক’লে ভুল কোৱা হ’ব৷ ‘কা’ৰ জৰিয়তে অসম চুক্তি উলংঘা কৰা বুলি বিভিন্ন পক্ষই উত্থাপন কৰি অহা অভিযোগ তেওঁ তথ্য সহকাৰে নস্যাৎ কৰে৷ এই প্রসংগত তেওঁ স্পষ্টভাৱে কয় যে অসম চুক্তি উলংঘা কৰা হোৱা নাই৷ আমি অমীমাংসিত প্রশ্ণবোৰৰহে সমাধান কৰিব বিচাৰিছোঁ৷ ১৯৬৭ চনৰ ভোটাৰ তালিকাখনেই অসম চুক্তি অনুসৰি ১৯৬৬ চনৰ ভিত্তিবর্ষ হিচাপে বিদেশী চিনাক্তকৰণ হোৱাৰ পাছত ভাৰতীয় নাগৰিকৰ প্রকৃত তালিকা আছিল৷ কিয়নো অসম চুক্তি অনুসৰি ১৯৬৬ চনৰ আগত অহা লোকসকলে ভাৰতীয় নাগৰিক ৰূপে বিবেচিত হোৱাৰ লগতে তেওঁলোকৰ নাম ১৯৬৭ চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট আছিল৷ সেই ফালৰ পৰা এই ভোটাৰ তালিকাখনেই অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ মূল আধাৰ আৰু ভিত্তিবর্ষ হ’ব লাগিছিল বুলিও বিত্তমন্ত্রী ড০ শর্মাই উল্লেখ্য কৰে৷ এই ১৯৭১ চনৰ ভিত্তিবর্ষ ক’ৰ পৰা আহিল, সেয়া মন্ত্রীজনৰ বোধগম্য নহ’ল বুলিও তেওঁ কয়৷ আনহাতে, অসম চুক্তি অনুসৰি ১৯৭১ চন ভিত্তিবর্ষ হিচাপে কিদৰে আহিল, সেয়া আমি বুজি নাপালোঁ৷ আজি আছু, চুক্তি স্বাক্ষৰকাৰী, কংগ্রেছ আনকি বিজেপিৰ মজিয়াৰ পৰাও ১৯৭১ চনকে ভিত্তিবর্ষ হিচাপে গণ্য কৰি অহা হৈছে যদিও অসম চুক্তিৰ কেইটামান ইংৰাজী শব্দ নজনাৰ বাবে আমি এন আৰ চি কৰিবলগীয়া হ’ল৷ ১৯৭১ চনৰ আধাৰত এন আৰ চিৰ লিগেচী দাতাৰ কোনো প্রয়োজনেই নাছিল৷ অসম চুক্তিত বহু কথা সন্নিৱিষ্ট হোৱা নাছিল বুলি দাবী কৰি বিত্তমন্ত্রী ড০ শর্মাই কয় যে এন আৰ চি যে হ’ব লাগে, সেইটো আনকি অসম চুক্তিত নাছিল৷ ২০০৫ চনত কেন্দ্র–ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত অনুষ্ঠিত ত্রিপাক্ষিক বৈঠকতহে এন আৰ চি উন্নীতকৰণৰ বিষয়টো চূড়ান্ত কৰা হৈছিল৷ এটা অমীমাংসিত ইছ্যু মীমাংসা হৈছিল ২০০৫ চনত৷ আই এম ডি টি বাতিলৰ বিষয়টোও অসম চুক্তিত উল্লেখ নাই৷ সেয়া অসম চুক্তি উলংঘা কৰা নহয়নে? আই এম ডি টি পাছত উচ্চতম ন্যায়ালয়তহে সমাধান হ’ল৷ কংগ্রেছ চৰকাৰৰ কার্যকালত ১৯৮৭ আৰু ১৯৯৩ চনত অসম চুক্তি উলংঘা কৰাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে ১৯৮৭ চনত প্রথমবাৰৰ বাবে ৰাজীৱ গান্ধীয়ে অসম চুক্তিত হাত দিছিল৷ তেতিয়া মুখ্যমন্ত্রী আছিল প্রফুল্ল কুমাৰ মহন্ত৷ সেই সময়ত নাগৰিকত্ব আইনত সংশোধনী আনি কোৱা হ’ল পিতৃ–মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে তেওঁলোকৰ সন্তানো ভাৰতীয় হ’ব৷ দীনেশ গোস্বামীয়ে এই সংশোধনীক আদৰণি জনাই বিবৃতি দিছিল৷ এই সংশোধনীৰ সপক্ষে ভোটদান কৰিছিল নগেন শইকীয়াই৷ এয়াও অসম চুক্তি উলংঘা কৰা নহয় নেকি? ইয়াৰ পাছত ১৯৯৩ চনত আন এক সংশোধনীৰ জৰিয়তে কোৱা হ’ল পিতৃ–মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে আৰু তেওঁলোকৰ সন্তান বিদেশত জন্ম হ’লেও ভাৰতীয় নাগৰিক হ’ব৷ ইয়াৰ পাছত ২০০৩ চনত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰৰ সময়তহে সংশোধনীৰ জৰিয়তে কোনো বিদেশীৰ ল’ৰা–ছোৱালীক ভাৰতীয় হ’ব নোৱাৰিব বুলি ব্যৱস্থা কৰা হয়৷ ‘কা’ক লৈ কংগ্রেছৰ স্বৰূপ বিধানসভাৰ মজিয়াত উদঙাই দিয়ে বিত্তমন্ত্রী ড০ শর্মাই৷ তেওঁ কয় যে ২০১১ চনত বৰাক উপত্যকালৈ গৈ তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে হিন্দু বাংলাদেশীক শৰণার্থীৰ মর্যাদা দিব বুলি ঘোষণা কৰি আহিছিল৷ কিন্তু শৰণার্থী শব্দটো ভাৰতৰ সংবিধানত নায়েই৷ সেই সময়ত তেওঁ কংগ্রেছৰ মন্ত্রী আছিল বুলি কৈ বিত্তমন্ত্রী ড০ শর্মাই জনায় যে তেতিয়াৰ কেবিনেটতো চুবুৰীয়া ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ বলি হ’লে ভাৰতীয় নাগৰিকত্ব প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ তেওঁ উল্লেখ কৰে যে শব্দৰ ইফাল–সিফাল কৰি আজি যিধৰণে ব্যাখ্যা আগবঢ়োৱা নহওক কিয়, সেই সময়ত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কথাই উল্লেখ কৰা হৈছিল৷ চুবুৰীয়া ৰাষ্ট্রত ধর্মীয় উৎপীড়নৰ বলি হ’লে সংখ্যালঘু লোককে বুজোৱা হয় আৰু বাংলাদেশত হিন্দু, খ্রীষ্টান আদি ধর্মীয় লোকসকলেই সংখ্যালঘু৷ আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ লোকসভাত উত্থাপনৰ সময়তো কংগ্রেছে আনুষ্ঠানিকভাৱে যি সংশোধনী আনিছিল, তাত অসম চুক্তিৰ বিষয়টো উল্লেখ নাছিল৷ প্রদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে অসম চুক্তিৰ বিষয়ে আনুষ্ঠানিকভাৱে সংসদত কোনো সংশোধনী নানিলে৷ কংগ্রেছৰ যি দুজনকৈ সাংসদে দুটা সংশোধনী আনিছিল, তাত হিন্দু, জৈন, বৌদ্ধ, খ্রীষ্টান, পার্চীৰ পাছত মুছলমান আৰু আহমেদীয়া শব্দ দুটা সন্নিৱিষ্ট কৰাৰ কথাহে উত্থাপন কৰিছিল৷ এতিয়া ৫ লাখক নাগৰিকত্ব দিয়াৰ কথা আহিছে৷ যদি মুছলমানখিনিক লোৱা হ’লহেঁতেন, তেতিয়া হ’লে ৬৫ লাখ হৈ গ’লহেঁতেন৷ কংগ্রেছৰ দিল্লীত এটা স্থিতি আৰু অসমত আন এটা স্থিতি৷ হিন্দু–জিন্নাৰ প্রসংগ উত্থাপন কৰা বিৰোধীক সমুচিত প্রত্যুত্তৰ দিয়ে বিত্তমন্ত্রী ড০ শর্মাই৷ তেওঁৰ মতে হিন্দু কেতিয়াও জিন্না হ’ব নোৱাৰে৷ কোনো ব্যক্তিবিশেষক জিন্না আখ্যা দিয়াটো পৃথক বিষয়৷ ‘কা’বিৰোধী আন্দোলনত নিয়তিৰ পৰিহাস ৰূপে ৫জনে প্রাণ হেৰুওৱা ঘটনাত ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্রী ড০ শর্মাই দুখ প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ এই সন্দর্ভত তেওঁ কয় যে ‘কা’ সংসদত গৃহীত হোৱাৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰ–পূর্বাঞ্চলৰ দল–সংগঠনসমূহ সৈতে আলোচনাত মিলিত হৈছিল৷ এই আলোচনাত অসমৰ প্রায়বোৰ জাতীয় সংগঠন সন্নিৱিষ্ট হৈছে৷ নিশা ১ বজালৈ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে অসম ভ্রমণলৈ আহি তিনি দিন আলোচনাত বহিছিল৷ সদৌ অসম ছাত্র সন্থাৰ সৈতে হোৱা আলোচনাত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কৈছিল যে অসমত ৭০ লাখ বিদেশী আছে৷ ইয়াৰে ৫ লাখ হিন্দুৰ ক্ষেত্রত আপোনালোকে মানৱীয় দৃষ্টিভংগী লওক৷ বাকীখিনি নতুন এন আৰ চিৰ জৰিয়তে চিনাক্ত কৰিম৷ কিন্তু ছাত্র সন্থাই অসমত ৬৫ লাখ বিদেশী থকাৰ কথা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক অৱগত কৰি নীতিগতভাৱে অসম চুক্তি উলংঘা হোৱাটো নিবিচাৰে বুলি স্পষ্ট কৰে৷ কেন্দ্র–ৰাজ্য চৰকাৰ আৰু আছু ঐকমত্যত উপনীত হ’ব নোৱাৰাৰ বাবে কোনো সমাধান সূত্র নোলাল৷ ইয়াৰ পাছৰ অধ্যায় বেদনাদায়ক৷ ৫জনকৈ লোকে প্রাণ হেৰুৱালে৷ এই ঘটনাত অসম চৰকাৰ দুঃখিত৷ ঘটনাৰ ৫ ঘণ্টাৰ ভিতৰতে মই চিকিৎসালয়লৈ গৈছিলোঁ৷ মানৱীয় দৃষ্টিকোণৰ পৰা আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল৷ ওদালগুৰিত মৃতকৰ ঘৰলৈ মন্ত্রী পীয়ূষ হাজৰিকাই গৈ সমবেদনা জ্ঞাপন কৰে৷ বাকীকেইজনৰ ঘৰলৈ যোৱাৰ পৰিৱেশ নাছিল৷ তথাপি আমি মর্মাহত৷ তেওঁলোকৰ পৰিয়ালৰ কাষত আমি সদায় থিয় দি থাকিম৷ অসমত তেনে বেদনাদায়ক ঘটনা আৰু কেতিয়াও নঘটক৷ তেওঁ আৰু কয় যে ‘কা’ৰ জৰিয়তে অসমত যদি ৫ লাখতকৈ এজনো বেছি বিদেশী নাগৰিকত্বৰ বাবে আগবাঢ়ি আহে, তাৰ বাবে চৰকাৰ দায়বদ্ধ৷ তাৰ বাবে তেওঁ ৰাজনীতিয়েই ত্যাগ কৰিব৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই কোৱাৰ দৰে ১.৩৫ কোটি বিদেশীৰ এজনো কম আহিলে শইকীয়াই ৰাজনীতি ত্যাগ কৰিব বুলি কওক৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ‘কা’ সম্পর্কত ৰাজ্যজুৰি হোৱা হুলস্থূলৰ সময়ত টিভি চেনেলত দিয়া এক সাক্ষাৎকাৰৰ প্রসংগ উল্লেখ কৰি ড০ শর্মাই কয় যে গগৈয়ে সামান্যসংখ্যক লোকেহে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব পাব বুলি মন্তব্য কৰিছে৷ ইয়াৰ বাবে গগৈক ধন্যবাদ দিছোঁ৷ তেওঁ ৰাষ্ট্র নেতাৰ দৰে মন্তব্য কৰিছে৷ তেওঁ কোনো সংখ্যা প্রকাশ কৰা নাই৷ এনে পৰিস্থিতিত ৰাইজৰ মাজত শংকা, আতংক কমাবলৈ গগৈয়ে সেই দিশত গুৰুত্ব দিছে৷ সেইদৰে আছু নেতৃত্বকো ধন্যবাদ জ্ঞাপন কৰি কয় যে আছুৱে ক’তো কোটিৰ সংখ্যা ব্যৱহাৰ কৰা নাই৷ পৰিস্থিতি শাম কটোৱাৰ ক্ষেত্রত আছুৱে ইতিবাচক ভূমিকা লৈছে৷ নিশাৰ ভাগত জোঁৰ সমদলৰ ক্ষেত্রতো নির্ধাৰিত সময় বান্ধি দিছে৷ তেওঁ আৰু কয় যে হিন্দু বাঙালীয়ে অসমৰ ভাষা–সংস্কৃতি গ্রাস কৰিব বুলি অপপ্রচাৰ চলোৱা হৈছে৷ তাহানিৰে পৰা অসমীয়া আৰু বাঙালীৰ মাজত বৈবাহিক সম্পর্ক চলি আহিছে৷ অসমীয়া ভাষাকেন্দ্রিক উগ্র জাতীয়তাবাদৰ বাবে বৰসম ভাগ ভাগ হৈছে৷ অসমৰ ভূমিৰ প্রতি প্রেম আৰু মৰমৰ ভিত্তিতহে জাতীয়তাবাদ হ’ব পাৰে৷ অসমৰ ভৱিষ্যৎ ৫ লাখ বাঙালীয়ে কেতিয়াও ক্ষতি কৰিব নোৱাৰে৷ বাঙালী হিন্দু কেতিয়াও অসমৰ মুখ্যমন্ত্রী হ’ব নোৱাৰে৷ ইপিনে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় কমিটীৰ ওচৰত জমিয়ত উলেমা হিন্দে দাখিল কৰা স্মাৰক–পত্রত আইনজ্ঞ আব্দুল মুহিব মজুমদাৰৰ ‘ডাউন দ্য মেম’ৰী লেন–৩’ গ্রন্থখনৰ উদ্ধৃতি দি অসমৰ ইতিহাস বিকৃত কৰাৰ এক বিস্ফোৰক তথ্যও বিত্তমন্ত্রী ড০ শর্মাই ফাদিল কৰে৷ স্মাৰক–পত্রখনত উল্লেখ কৰা অনুসৰি অভিভাষী মুছলমানসকল দ্রাৱিড় আৰু তেওঁলোকেই অসমৰ খিলঞ্জীয়া৷ চুকাফাই তেওঁলোকক খেদি দিলে, ব্রিটিছে পুনৰ তেওঁলোকক ঘূৰাই আনে৷ ইয়াৰ দ্বাৰা এটা কথাই ক’ব বিচৰা হৈছে যে চুকাফা, কুমাৰ ভাস্কৰ বর্মা, নৰনাৰায়ণ, চিলাৰায় অনুপ্রৱেশকাৰী আছিল৷ আমাৰ সত্র–মন্দিৰৰ মাটি লৈ গ’ল, এতিয়া বুৰঞ্জীখনো লৈ যাব৷ মানুহ বিদ্রোহী নহ’ব নেকি?
ৰাজপথলৈ সংগ্রামী জনতাক ভুল ব্যাখ্যা দি অনা হৈছেঃ মুখ্যমন্ত্রী
‘কা’ক কেন্দ্র কৰি আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন৷ পুৱা সদনৰ কার্যসূচী আৰম্ভ হোৱাৰ প্রাক্ক্ষণত অসম বিধানসভা চৌহদৰ মূল প্রৱেশদ্বাৰত এআইইউডিএফৰ সদস্যসকলে অৱস্থান কার্যসূচী গ্রহণ কৰে৷ বিধানসভাৰ অধ্যক্ষৰ হস্তক্ষেপত পিছত তেওঁলোকে সদনৰ মূল প্রৱেশদ্বাৰৰ সন্মুখত অৱস্থানত বহে৷ আনহাতে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সদনত ভাষণ আৰম্ভ কৰাৰ লগে লগে বিৰোধী কংগ্রেছ আৰু এআইইউডিএফৰ সদস্যসকলে হাতে হাতে ‘কা’ বাতিলৰ দাবীত প্লেকার্ড প্রদর্শন কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে৷ এটা সময়ত তেওঁলোক অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি গৈ বিক্ষোভ প্রদর্শন কৰে৷ তীব্র হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ৰাজ্যপাল মুখীয়ে ৪ মিনিটতে ভাষণ সামৰিবলৈ বাধ্য হয়৷ ‘কা’ সম্পর্কত সদনত আলোচনা কৰিবলৈ সুযোগ নোপোৱাৰ বাবে বিৰোধী সদস্যসকলে ৰাজ্যপালৰ সন্মানার্থে আয়োজন কৰা চাহ মেল বর্জন কৰে৷ ইপিনে ৰাজ্যপালৰ ভাষণৰ ওপৰত প্রায় ৫.৩০ ঘণ্টাজুৰি চলা ধন্যবাদসূচক প্রস্তাৱৰ আলোচনাৰ উত্তৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে সম্প্রতি ‘কা’ সম্পর্কত ৰাজপথলৈ সংগ্রামী জনতাক ভুল ব্যাখ্যা দি অনা হৈছে৷ যোৱা ১০ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ যিটো আতংকময় পৰিস্থিতিৰ উদ্ভৱ হ’ল, সেই পৰিস্থিতিত কোনো ব্যক্তি গঢ় লৈ উঠিব নোৱাৰে, জাতি গঠন হ’ব নোৱাৰে৷ সেই তিনিটা দিনত ৰাজ্যখনত যি হিংসাত্মক বাতাৱৰণ সৃষ্টি হ’ল ছবছৰীয়া অসম আন্দোলনৰ সময়তো তেনে পৰিস্থিতি সৃষ্টি হোৱা নাছিল৷ বর্তমানৰ চৰকাৰে অসমী আইক প্রতাৰণা কৰাৰ কথা কি যুক্তিত মানুহৰ মনলৈ আহিল, সেই সম্পর্কত প্রশ্ণ কৰি সোণোৱালে কয় যে তেনে কাম তেওঁ নকৰে৷ এজন ভূমিপুত্র হিচাপে তেওঁৰ বিবেক আৰু চেতনাই কয়– যিখন সমাজৰ ধূলি–মাকতিৰে ডাঙৰ হৈছে, যি শিক্ষাগুৰুৰ শিক্ষাৰে আগবাঢ়ি আহিছে, তাৰ প্রতি তেওঁ অন্যায় কৰিব নোৱাৰে৷ অসমৰ জনগণে ‘কা’ৰ ওপৰত আলাপ–আলোচনা হোৱাটো উচিত বুলি বিবেচনা কৰি আহিছে৷ আজি সদনত শাসক–বিৰোধীয়ে এই বিষয়ে আলোচনা কৰি জনসাধাৰণক ভাল বার্তা দিছে৷ সকলোৱে মুকলি মনেৰে নিজৰ নিজৰ দৃষ্টিভংগী প্রকাশ কৰিছে৷ শান্তিপ্রিয় জনগণে সদাই গণতন্ত্রত বিশ্বাস কৰি আহিছে৷ জনসাধাৰণৰ মনৰ কথা হূদয়ৰ আর্তনাদ উপলব্ধি কৰিব পৰাজনহে প্রকৃত জনপ্রতিনিধি৷ বিতর্কৰ পৰা উদ্ভৱ হ’ব লাগিব বুদ্ধিমত্তা, ভৱিষ্যৎ প্রজন্মৰ বাবে নতুন দিগন্ত৷ ‘কা’ৰ জৰিয়তে অসমত কিমানে নাগৰিকত্ব পাব, সেয়া আজিৰ তাৰিখত আনুমানিক বুলি উল্লেখ কৰি সোণোৱালে কয় যে এই তথ্য আবেদনৰ পিছতহে প্রকৃত সংখ্যা ক’ব পৰা যাব৷ আজিৰ তাৰিখত ভুল ব্যাখ্যা দি ৰাইজক বিভ্রান্ত কৰা হৈছে৷ ‘কা’ সংসদত উত্থাপনৰ পূর্বে অমিত শ্বাহে উত্তৰ–পূবৰ সকলো দল–সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আইএমডিটি আনোতে কংগ্রেছে অসমৰ জনগণৰ সৈতে মত বিনিময় কৰা নাছিল৷ ৰাজ্যপালৰ ভাষণক লৈ হোৱা আলোচনাত বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, বিধায়ক আমিনুল ইছলাম, ৰফিকুল ইছলাম, কমলাক্ষ দে’ পুৰকায়স্থ, অজন্তা নেওগ, প্রদীপ হাজৰিকা, মামুন ইমদাদুল হক চৌধুৰী, বিমল বৰা, ডাঃ নোমল মমিন, সুমন হৰিপ্রিয়া, ৰকিবুল হুছেইন, আনোৱাৰ হুছেইন লস্কৰ, ৰূপজ্যোতি কুর্মী, সঞ্জয় কৃষাণ, শ্বেৰমান আলী আহমেদ আদিয়ে অংশগ্রহণ কৰে৷ ইফালে অনুসূচিত জাতি–জনজাতিৰ বাবে সংসদ–বিধানসভাত সংৰক্ষিত আসনৰ ম্যাদ পুনৰ ১০ বছৰলৈ বৃদ্ধিৰ প্রস্তাৱ সদনত উত্থাপন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্য, খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাভিমান ৰক্ষাৰ বাবে বর্তমানৰ চৰকাৰ সংকল্পবদ্ধ৷ অসম বিধানসভাই সর্বসন্মতভাৱে এই প্রস্তাৱ অনুমোদন জনায়৷
বিশেষ অধিৱেশনত ভাষণ প্রদান ৰাজ্যপাল জগদীশ মুখীৰ
ৰাজ্যত চলি থকা ‘কা’বিৰোধী আন্দোলনৰ মাজতে অসম বিধানসভাৰ আজিৰ বিশেষ অধিৱেশনত ৰাজ্যৰ খিলঞ্জীয়া লোকৰ অধিকাৰক সুৰক্ষা প্রদান কৰা হ’ব বুলি স্পষ্ট কৰিলে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ বছৰটোৰ প্রথমখন বিধানসভা অধিৱেশনত লিখিত ভাষণ প্রদান কৰি ৰাজ্যপাল মুখীৰ মন্তব্য– অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰক সুৰক্ষা প্রদান কৰাৰ লগতে আমাৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্যৰ সংৰক্ষণ আৰু প্রসাৰৰ প্রতি উচ্চ অগ্রাধিকাৰ প্রদান কৰা হ’ব৷ অসম চুক্তিৰ ৬নং দফাৰ কথা উল্লেখ কৰি তেওঁ কয়– ৬নং দফা ৰূপায়ণৰ বাবে ক্ষিপ্র ব্যৱস্থা হাতত লোৱা হৈছে৷ ইতিমধ্যে এই সন্দর্ভত গঠন কৰা উচ্চ পর্যায়ৰ কমিটীয়ে অচিৰেই প্রতিবেদন দাখিল কৰিব৷ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰে এক নতুন ভূমি নীতি গ্রহণ কৰিছে৷ সত্রৰ লেখীয়া সকলো ধর্মীয় স্থানৰ পৰা বেদখল উচ্ছেদ কৰিবলৈ অসম ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬খন সংশোধন কৰা হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰক সুৰক্ষা প্রদান কৰিবলৈ এখন আইন অনাৰ প্রস্তাৱ লোৱা হৈছে৷ ইয়াৰ লগতে অসমীয়া আৰু অন্যান্য থলুৱা ভাষাসমূহৰ সংৰক্ষণ তথা প্রসাৰৰ বাবে ভাষাৰ গৌৰৱ আঁচনি নামৰ এখন অভিলাষী আঁচনি গ্রহণ কৰা হৈছে৷ তদুপৰি ইংৰাজী ভাষাৰ বিদ্যালয় আৰু অন্যান্য বিদ্যালয়সমূহত অসমীয়া ভাষাক এটা বাধ্যতামূলক বিষয় হিচাপে শিক্ষাদান কৰিবলৈ অচিৰেই চৰকাৰে আইন এখন প্রণয়ন কৰিব৷ ভাষণ প্রসংগত তেওঁ মিচিং, ৰাভা, তিৱা, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী জনজাতি স্বায়ত্ত পৰিষদসমূহলৈ সাংবিধানিক মর্যাদা প্রদানৰ কথা উল্লেখ কৰে৷ তেওঁ কয়– এই জনজাতীয় স্বায়ত্ত পৰিষদলৈ সাংবিধানিক মর্যাদা প্রদানৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনোৱা হৈছে, যাতে এই স্বায়ত্ত পৰিষদসমূহ কেন্দ্রীয় আৰু ৰাজ্য উভয়ৰে পৰা পুঁজি লাভ কৰাৰ লগতে অন্যান্য অধিকাৰ আৰু সুবিধা লাভ কৰিব পাৰে৷ তদুপৰি অবিভক্ত গোৱালপাৰা জিলাৰ বি টি এ ডি আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাক বাদ দি কোচ ৰাজবংশী সম্প্রদায়ৰ বাবে এখন নতুন স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ’ব৷ ঠিক তেনেদৰে মৰাণ আৰু মটক সম্প্রদায়ৰ বাবেও দুখন নতুন স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ’ব৷ একেদৰে তাই আহোম উন্নয়ন পৰিষদ, চুতীয়া উন্নয়ন পৰিষদ আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদত পর্যাপ্ত বাজেট পুঁজি আবণ্টনেৰে পুনৰ গঠন কৰা হ’ব৷ চৰকাৰে মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্রদায়ৰ বাবে চৰকাৰে ৫০০ কোটি টকাৰ বিশেষ পেকেজ প্রদানৰ সিদ্ধান্ত লোৱা হৈছে৷ তাই আহোম উন্নয়ন পৰিষদক ২৫০ কোটি টকাৰ বিশেষ এককালীন সাহায্য প্রদান কৰা হ’ব৷ ইফালে এক্ট ইষ্ট পলিচীৰ কথা উল্লেখ কৰি ৰাজ্যপালে কয় যে এক্ট ইষ্ট পলিচীৰ জৰিয়তে দক্ষিণ–পূব এছিয়া দেশসমূহৰ লগত বাণিজ্যিক সম্পর্ক গঢ়াৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ এই আঁচনিৰ লগত সংগতি ৰাখি কেন্দ্রীয় চৰকাৰে উড়ান আঁচনিৰ জৰিয়তে দক্ষিণ আৰু পূব এছিয়াৰ কাঠমাণ্ডু, য়াগুন, কুৱালালামপুৰ, ছিংগাপুৰ আৰু হানৈ– এই পাঁচখন নতুন ঠাইলৈ পোনপটীয়া বিমানসেৱা আৰম্ভ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ বিত্ত বিভাগৰ কথা উল্লেখ কৰি ৰাজ্যপালে কয়– বিগত বিত্তীয় বর্ষ ২০১৮–১৯ত ৰাজ্য চৰকাৰে ১৪,০৫০.০২ কোটি টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ এই সংগ্রহ পূর্বৰ বিত্তীয় বর্ষতকৈ ১৭ শতাংশ বেছি৷ জি এছ টিৰ অধীনত বিকাশৰ হাৰ আছিল ১৪ শতাংশ৷ আনহাতে, চৰকাৰে ২০১৯–২০ বর্ষত ‘অভিনন্দন’ নামৰ শিক্ষাৰ ঋণ ৰাজসাহায্য আঁচনিখন প্রৱর্তন কৰাৰ কথা আঙুলিয়াই ৰাজ্যপালে কয়– এই আঁচনিৰ জৰিয়তে প্রতিটো শিক্ষা ঋণৰ একাউণ্টত ৫০,০০০ হাজাৰ টকা জমা কৰি দিব৷ যাতে পিতৃ–মাতৃ আৰু ছাত্র–ছাত্রীসকলে একেবাৰতে এই আঁচনিৰ ফলাফল লাভ কৰিব পাৰে৷ একেদৰে ‘আপোন ঘৰ’ নামৰ গৃহ ঋণ আঁচনিখনৰ জৰিয়তে ২০১৯–২০ বর্ষত সুদ ৰেহাইৰ বাবে ৫০ কোটি টকা ধার্য কৰা হৈছে৷ ইতিমধ্যে এই আঁচনিৰ জৰিয়তে ২,৫৪৫.৮৩ কোটি টকা মঞ্জুৰ কৰা হৈছে৷ ৰাজ্যপালে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা আঁচনিৰ কথা উল্লেখ কৰি কয় যে এই আঁচনিৰ দ্বাৰা পাঁচ বছৰৰ ভিতৰত কৃষকৰ উপার্জন দুগুণ কৰা৷ উল্লেখ্য যে বিৰোধীৰ চিঞৰ–বাখৰ, প্রতিবাদৰ মাজত মাত্র চাৰি মিনিট পঢ়িয়েই ভাষণ আধাতে সামৰে ৰাজ্যপালে৷

You might also like