নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ পৰীক্ষাৰ্থীৰ লগতে নকল যোগানৰ আভিযোগত আটক অধ্যক্ষ

231

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম দিনটোতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেন্দ্ৰৰ পৰা নকল কৰাৰ বাবে বহিষ্কৃত হয় ৩১ গৰাকীকৈ পৰীক্ষাৰ্থী । ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটি কনিষ্ঠ মহাবিদ্যালয়ত দ’মে দ’মে নকল উদ্ধাৰ হোৱাৰ লগতে বহিষ্কাৰ কৰা হৈছে ৮ গৰাকী পৰীক্ষাৰ্থী । একেখনে মহাবিদ্যালয়তে নকল যোগানৰ অভিযোগত আটক কৰা হৈছে ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্বাহ জামাল শ্বেখক ।

বৰ্তমানলৈকে অসমৰ ভিন্ন প্ৰান্তৰ কেন্দ্ৰৰ পৰা মুঠ ৩১ গৰাকী পৰীক্ষাৰ্থীক নকল কৰাৰ বাবে বহিষ্কাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

You might also like