নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ কোটি বাংলাদেশী আহিলে মই ৰাজনীতি ত্যাগ কৰিমঃ ড০ শৰ্মা

109

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ আজি বিধানসভাৰ বিশেষ অধিবেশনত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক তীব্ৰ আক্ৰমণ কৰে। কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী ড০ শৰ্মাৰ। বিধান সভাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মূল বক্তব্য সমূহ “কা বিৰোধী আন্দোলনত ৫ জন শ্বহীদৰ পৰিয়ালবৰ্গক সমবেদনা। বিৰোধীয়ে কয় ১ কোটি বাংলাদেশী আহিব। মই কৈছো ৫ লাখতকৈ বেছি নাহে। ১ কোটি বাংলাদেশী আহিলে মই ৰাজনীতি ত্যাগ কৰিম। ১ কোটি কৰ পৰা আহিব প্ৰত্যাহ্বান বিৰোধীক। কংগ্ৰেছৰ দিনতে ২ বাৰ অসম চুক্তি উলংঘা হৈছিল। ১৯৮৭ চনত ৰাজীৱ গান্ধীৰ প্ৰধান গান্ধী হৈ থাকোতে উলংঘা হৈছিল অসম চুক্তি। কা বিৰোধী আন্দোলনত আছুৰ পৰিপক্ক আন্দোলন। তাৰ বাবে আছুক ধন্যবাদ। এন আৰ চিৰ প্ৰসংগত ৬৭ ভোটাৰ তালিকা হব লাগিছিল ভিত্তিবৰ্ষ। ২১ত নিৰ্বাচন নেখেলো। কিন্তু দলৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত। কা আন্দোলনত কংগ্ৰেছ জড়িত হোৱাৰ যুক্তি কত। কা মুছলমান ক অন্তৰ্ভুক্তিত কৰিবৰ বাবে কংগ্ৰেছৰ আন্দোলন। জমিয়তে ৬ নং দফাৰ সমিতিলৈ দিছে স্মাৰক পত্ৰত বড়ো কছাৰী আহোমসকলক বিদেশী আখ্যা। অসমৰ খিলঞ্জীয়া আছিল বাংলাদেশী মুছলমান।চুক্যাফা আছিল বিদেশী আক্ৰমণকাৰী। বড়ো- কছাৰী আহোমে মুছলমানক খেদিছিল। অসমৰ খিলঞ্জীয়া আছিল বাংলাদেশী মুছলমান।”

You might also like