নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অভিৱৰ্তন

মুখ্য অতিথি হিচাপে থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

34

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ প্ৰথমবাৰলৈ শিলচৰত অনুষ্ঠিত হৈছে সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অভিবৰ্তন। গাঁওৰক্ষী বাহিনীৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰাকত আড়ম্বৰপূৰ্ণ আয়োজন। আজি পুৱা পুলিচ পেৰেড গ্ৰাউণ্ডৰ পৰা উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গাঁওৰক্ষী বাহিনীয়ে একো একোখন গাঁৱৰ অপৰাধমূলক কাৰ্যসমূহ ৰোধ কৰাত আৰক্ষীক সহায় কৰাৰ উপৰিও গাঁওখনৰ সুৰক্ষাৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেবা আগবঢ়াই আহিছে। আনহাতে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলয়েও বহু দিনৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকে দীৰ্ঘদিনে ভোগ কৰি অহা সমস্যাসমূহ মুখ্যমন্ত্ৰী সোণোৱালৰ আগত অৱগত কৰিব বুলিও মন্তব্য কৰে সদস্যসকলে।