নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধকালীন তৎপৰতাঃ দিন ৰাতি একাকাৰ কৰি ৰাজ্যজুৰি ক’ৰোনা প্ৰতিৰোধৰ তদাৰক কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে

112

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হ’ব পৰা সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি সম্প্ৰতি নিৰন্তৰ আন্তঃগাঁথনি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে । মঙলবাৰে নিশা পৰ্যন্ত জি এম চি এইছত ৩০ টা নতুন আই চি ইউ সংযোগ কৰা হৈছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই কয়- জি এম চি এইছত আই চি ইউৰ লগতে নতুন ভেণ্টিলেচন সংযোগ কৰা হৈছে । একেদৰে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত আছুতীয়াকৈ ক’ৰোনাৰ বাবে ৰখা হৈছে । লগতে এম এম চি এইচত অহা দুদিনৰ ভিতৰত ৯-১০ টা নতুন আই চি ইউ আৰু ভেণ্টিলেচন স্থাপন কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে ।

ইফালে সোণাপুৰ চিকিৎসালয়তো ১০ টা আই চি ইউ কক্ষ স্থাপনৰ লগতে গুৱাহাটীৰ কালাপাহাৰত থকা আই ডি এছ পি হাস্পতালখন আৰু শিঙিমাৰীত এখন মডেল হাস্পতাল সম্পূৰ্ণ হৈ আছে ।

আনহাতে আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় হাস্পতালখনো ক’ৰোনা ৰোগীৰ বাবে বিশেষভাৱে ৰখা হৈছে । ইয়াৰ কাম ইতিমধ্যে গড়কাপ্টানী বিভাগে আৰম্ভ কৰিছে ।

ইপিনে স্বাস্থ্যখণ্ডৰ আন্তঃগাথনি উন্নয়নৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে ৰাজ্যত অভাৱ নঘটে, সেই সন্দৰ্ভত জিলা প্ৰশাসন সমূহে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলিও তেওঁ মন্তব্য কৰে ।

You might also like