নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুকা উপলক্ষে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ অসমবাসীক শুভেচ্ছা

59

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ আজি ভোগালীৰ উৰুকা। অসমৰ মুখ্য মন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে টুইট যোগে উৰুকা উপলক্ষে অসমবাসীক শুভেচ্ছা জনাইছে। মুখ্যমন্ত্ৰীয়ে লিখিছে যে” উৰুকাত লগে-ভাগে এসাঁজ খোৱাৰ আনন্দই আমাৰ মাজৰ একতা আৰু আত্মীয়তাক সুদৃঢ় কৰে। এয়া আমাৰ ঐতিহ্য-পৰম্পৰাৰ অনন্য নিদৰ্শন। এই পৰম্পৰা অটুট ৰাখি একেই উৎসাহ-উদ্দীপনাৰে হেঁপাহৰ উৰুকা উদযাপন কৰোঁ আহক।”


আনহাতে বিত্তমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই লিখিছে “অগ্নিং প্ৰজ্জ্বলিতং বন্দে চতুৰ্বৰ্ণ হুতাশনম্৷
সুৱৰ্ণ বৰ্ণ মমলং জ্যোতিৰূপায়তে নমঃ৷৷”

আজি উৰুকাৰ এই পৱিত্ৰ লগনত অসমৰ আটাইলৈকে জনাইছোঁ আন্তৰিক ওলগ। মাঘৰ পৰম্পৰাগত প্ৰথাৰে অগ্নিৰ বন্দনা কৰি অসমৰ সমৃদ্ধি কামনা কৰিছোঁ। আপোনালোকলৈ নিবেদন কৰিছোঁ ভোগালীৰ অশেষ শুভ-কামনা।

 

You might also like