নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ শুভকামনাৰে

36

এইবাৰ আঘোণত চিনাকি পথাৰখন নাছিল৷ যোৱাবেলিও নাছিল৷ কিমান বছৰ যে হ’ল, সেই পথাৰখনে অসমী আইক মাত নিদিয়া৷ সোণোৱালী ধাননিৰ পৰিৱর্তে পথাৰে পথাৰে তেতিয়া আছিল বালি–মাটি–পলসৰ কিৰীলি৷ ক’ৰবাত ক’ৰবাত পথাৰখন নৈ হৈ বৈ আছিল৷ যেন বিৰামহীন কাতিৰ কঙালী৷ শেষেই নহ’ব৷ চৌদিশে কৃষকৰ হাহাকাৰ৷ বানে স্বপ্ণৰ পথাৰখন তচনচ কৰিলে৷ নৈৰ বুকুত জাহ গ’ল অনেকৰ মাটি–ভেটি৷ মথাউৰিত, পথৰ দাঁতিত, ওখ ঠাইত আশ্রয় লৈ নেদেখাজনৰ ওচৰত দুর্ভাগ্যৰ অভিযোগ কৰিবলগীয়া হ’ল হাজাৰজনে৷ পথাৰ–বজাৰ হাতত নথকা অসমীয়াৰ ভূমিত এনে দুর্ভোগৰ দিনত ভোগালী অহাৰ কথা নাথাকে৷ ভোগৰ হেঁপাহ নাথাকে৷ তথাপি বাপোতিসাহোন ভোগালী বিহুটি আহে৷ ভোগৰ কথাও কয়৷ কিন্তু ভোগালী মানে যে মাথোঁ ভোগ নহয়৷ ভোগ নহয় বাবেই মানুহৰ বুকুৱে বুকুৱে ভোগালীৰ শিপা গজে৷ ভোগালীয়ে সমস্যা–বেদনাৰে জর্জৰ অসমবাসীৰ বাবে কঢ়িয়াই আনে নতুন দিনলৈ লৈ যোৱাৰ বতৰা৷ ভোগালীয়ে গাঁৱে–ভূঞে চকুৱে–চকুৱে আঁকি দিব বিচাৰে সমন্বয়–সমৃদ্ধিৰ চিৰ আকাংক্ষিত স্বপ্ণটো৷ যদিওবা ভঁৰাল উদং হৈ থাকে, চকুবোৰ সেমেকি থাকে, তথাপিও অসমৰ জনসাধাৰণে ভোগালীক উদ্যাপন কৰে৷ উদ্যাপনৰ আঁৰত থাকে সমাগত দিনবোৰ ভাল হোৱাৰ আকুল প্রার্থনা৷ মেজিত অগ্ণিসংযোগ কৰি ‘অগ্ণি প্রজ্বলিতং বন্দে চার্তুব্বণ্য হুতাশনং৷ সুৱর্ণবর্ণং তমলং জ্যোতিৰূপায়তে নমঃ৷৷’– মন্ত্র উচ্চাৰণ কৰে৷ উৰুকাত ভোজ খাই সমাজত মিলা–প্রীতি বঢ়ায়৷ এই ভোগালীতে প্রতিফলিত হয় বৈচিত্র্যময় অসমৰ অতুল্য ছবি৷
ভোগালী বিহু কৃষকৰ উৎসৱ৷ এই সময়ছোৱাত ৰাজ্যখনৰ পাহাৰৰ পৰা ভৈয়ামলৈ ভিন্ন জনজাতি–জনগোষ্ঠীৰ পৰম্পৰা, ৰীতি–নীতি প্রাণ পাই উঠে৷ উৰুকাৰ পৰা যেন প্রতিটো ক্ষণত প্রতিফলিত হয় ৰাজ্যবাসীৰ ভিন্ন ভিন্ন পৰম্পৰা, লোকাচাৰ৷ এখন নানাৰঙী সুন্দৰ বাগিচাৰ দৰে চৌদিশ পোহৰাই অসমখন উজলি উঠে৷ বাগিচাখনত ধর্ম বুলি কোনো কথা নাথাকে৷ আচলতে ভোগালী বিহু হ’ল ধর্মনিৰপেক্ষ ঋতুৰ উৎসৱ৷ ই কৃষকৰ মহোৎসৱ৷ আঘোণত যেতিয়া সোণোৱালী পথাৰখনে হাঁহি থাকে, সেই হাঁহিয়ে কৃষকৰ মনত ভোগালীৰ অনন্য সুন্দৰ ছবি এখন আঁকি দিয়ে৷ কাতিৰ দুখবোৰ পাহৰি আশাভৰা নয়নেৰে ভঁৰাললৈ চাই ৰয়৷ পুহ আহিল কি নাহিল, গাঁৱে গাঁৱে ব্যস্ততা আৰম্ভ হয়৷ পথাৰত খেৰ, নৰাৰে হেঁপাহৰ ভেলাঘৰটো সাজিব লাগে, তাকে লৈ চলে নানা পৰিকল্পনা৷ দিন বাগৰাৰ লগে লগে ক্রমশঃ ভেলাঘৰ–মেজিটোৱে সাকাৰ ৰূপ গ্রহণ কৰিবলৈ লয়৷ একেদৰে জীয়ৰী–বোৱাৰীৰ মাজত ভোগৰ সামগ্রী প্রস্তুতৰ চিন্তা–চর্চা আৰম্ভ হয়৷ বিধে বিধে পিঠা, মাহ–কৰাই৷ আৰু যে কত কি এয়াই ভোগালী বিহুৰ মন–প্রাণ জুৰোৱা চিনাকি ছবি৷ কিন্তু দিনবোৰ সলনি হ’ল৷ সমস্যা–ভাৱে এটা বিশাল দৈত্যৰ দৰে অসমখনক ছানি ধবিবলৈ আৰম্ভ কৰিলে৷ বছৰৰ পিছত বছৰ বাগৰি থাকিল, দৈত্যটোও বিশালৰ পৰা বিশাল হৈ গৈ থাকিল৷ বানে বিনাশ কৰা কৃষকৰ স্বপ্ণৰ ধ্বংসস্তূপৰ ওপৰত বহি বজাৰৰ জুই–ছাই দামে আঘাত হানি থাকিল৷ সমস্যাৰ তালিকাখন তাতেই শেষ নহয়৷ সমাজখন, জাতিটো, ভাষা–সংস্কৃতি সকলোতে সমস্যাৰ জোৱাৰ৷ তালিকাখনত এটাৰ পৰা এটাকৈ যোগ হৈ থাকিল৷ ক’ৰবাত যদি ভাষা হেৰুওৱাৰ বেদনা, ক’ৰবাত ক্ষমতা আহৰণ কৰি বঞ্চনাৰ পৰা বিকাশৰ শিখৰত উঠাৰ তাগিদা৷ জুইকুৰা জ্বলিয়েই থাকে৷ ৰাজপথত টায়াৰ জ্বলে, বুকুৱে বুকুৱে নোপোৱাৰ বেদনা জ্বলে৷ তথাপিও ভোগালী বিহুটি আহে৷ অসমক দুৰৱস্থাৰ পৰা সমৃদ্ধিৰ সেউজ পথটোলৈ নিয়া প্রার্থনা চলে৷ এইবাৰৰ ভোগালীতো অসমবাসীয়ে নিশ্চয় একেটা প্রার্থনাকে কৰিব৷ পুহত সূর্যই ধনু ৰাশি এৰি মকৰ ৰাশিত প্রৱেশৰ দিনা মকৰ সংক্রান্তি বা মাঘ বিহু পালন কৰা হয়৷ তাৰে আগদিনা উৰুকা৷ উৰুকাত ভোজ খাই সূর্য উদয় নৌহওঁতেই মেজি জ্বলোৱা হয়৷ মেজি মানে হোম৷ হোম যজ্ঞত আহুতি দিয়াৰ দৰে মেজি জ্বলাওঁতে পিঠা–লাড়ু, তামোল–পাণ আদি আগবঢ়াই অগ্ণিক সেৱা জনোৱা হয়৷ মেজি জ্বলোৱা পৰম্পৰাটো ৰাজ্যখনৰ জনগোষ্ঠী ভেদে ভিন্ন ভিন্ন হ’লেও ইয়াৰ আবেদন অথবা প্রার্থনা প্রায় একেই৷ বড়োসকলে ভিন্ন দেৱতাৰ নামত বেলাগুৰ অর্থাৎ মেজি সাজি ভোগালী বিহু উদ্যাপন কৰে৷ আন আন জনজাতীয় লোকেও স্বকীয় পৰিচয়েৰে মেজি জ্বলাই সমাজৰ পৰা অন্যায়–বিচাৰ, অশুভ শক্তিৰ বিনাশ প্রার্থনা কৰে৷ মেজিৰ জুইত সেৱা লৈ সকলোৱে ভোগালী বিহুৰ মূল অনুষ্ঠানলৈ আগবাঢ়ে৷ সমগ্র অনুষ্ঠানটোৰ মাজতে উজলি উঠে বৈচিত্র্যময় অসম৷ এইবেলিও স্বকীয় স্বকীয় ৰীতি–নীতি, পৰম্পৰা, লোকাচাৰেৰে বিহুটি অনবদ্য হৈ উঠিব৷ ৰাজ্যখনৰ পৰা সকলো ধৰণৰ সমস্যা আঁতৰি যাব৷ প্রার্থনাটো সার্থক হওক৷

You might also like