নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত ১০ কোটি টকীয়া ক্রীড়া প্রকল্প নির্মাণত বৃহৎ বিসংগতি

53

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ দহ কোটি টকা ব্যয় সাপেক্ষে ছিপাঝাৰত নির্মীয়মাণ ক্রীডা প্রকল্পৰ প্রাৰম্ভিক অৱস্থাতে আৰম্ভ হৈছে গুৰুতৰ বিসংগতি৷ উল্লেখ্য যে ২০১৮ বর্ষৰ ৩ মার্চতে তদানীন্তন গডকাপ্ঢানী মন্ত্রী তপন গগৈয়ে আনুষ্ঠানিকভাৱে ছিপাঝাৰৰ চিৰাখোৱাৰ প্রস্তাৱিত ভূমিত নির্মাণৰ আধাৰশিলা স্থাপন কৰা ছিপাঝাৰ ষ্টেডিয়ামৰ নির্মাণকার্য অতি শেহতীয়াকৈ আৰম্ভ কৰা হৈছে যদিও মাটি পূৰণৰ কামতেই বিসংগতি ৰৈ যোৱাত উদ্বিগ্ণ হৈ পৰিছে ক্রীডাপ্রেমী৷ বিশেষকৈ পিটনিৰে ঢ়াক খাই থকা ভূমি সম্পূর্ণ পৰিষ্কাৰ নকৰাকৈয়ে মাটি পূৰণ কৰাৰ ফলত ভৱিষ্যতে প্রভাৱ পৰাৰ সম্ভাৱনীয়তা দেখা দিছে৷ মন কৰিবলগীয়া যে ছিপাঝাৰত ষ্টেডিয়াম নির্মাণৰ বাবে প্রয়োজনীয় ভূমি সংৰক্ষিত হৈ থকাৰ পিছতো আঁচনিৰ অভাৱৰ বাবেই অৱহেলিত হৈ পৰি আছিল মূল্যৱান ভূমি৷ ছিপাঝাৰ আঞ্চলিক ক্রীডা সন্থাই মূলতঃ উদ্যোগ লৈ প্রায় আঢ়ৈ দশক পূর্বে ভূমি হস্তান্তৰ প্রক্রিয়া সম্পন্ন কৰাৰ লগতে সংৰক্ষিত ভূমিত মাটি পূৰণৰ কাম আৰম্ভণি কৰে যদিও পুঁজিৰ অভাৱত তেনেই চালুকীয়া অৱস্থাত পৰি ৰৈছিল ছিপাঝাৰ ষ্টেডিয়াম নির্মাণৰ আঁচনি৷ লক্ষণীয় যে ছিপাঝাৰ ৰাজহ চক্রৰ ভুক্তাবাৰী গাঁৱৰ চিৰাখোৱাৰ যি ভূমি ষ্টেডিয়ামৰ নামত সংৰক্ষিত হৈ আছে, সেয়া আছিল পিটনিৰে ভৰপুৰ পুখুৰীহে৷ সুদীর্ঘ সময়ধৰি অব্যৱহূত হৈ থকা বাবে পিটনি ক্রমাৎ ডাঠ হৈ পৰে৷ ঘন, দ আৰু ডাঠ পিটনি ছিপাঝাৰৰ ষ্টেডিয়াম নির্মাণত হৈ আছিল প্রতিবন্ধক৷ কিন্তু ভাৰতীয় জনতা পার্টীৰ চৰকাৰে ‘ছিগনেচাৰ আঁচনি’ৰ অধীনত এককালীনভাৱে প্রতিগৰাকী বিধায়কক দহ কোটিকৈ ধন আবণ্টন দিয়াত ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই সমুদায় ধন এককালীনভাৱে ষ্টেডিয়াম নির্মাণত ব্যয় কৰাৰ আঁচনি গ্রহণ কৰে৷ বিধায়কগৰাকীৰ এই প্রয়াসে ছিপাঝাৰৰ ক্রীডানুৰাগী ৰাইজক যথেষ্ট উৎফুল্ল কৰি তুলিছিল৷ লক্ষণীয় যে ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই গ্রহণ কৰা এই প্রয়াসে সমষ্টিটোৰ ৰাইজৰ দীর্ঘদিনীয়া অভাৱ দূৰ কৰাৰ পথলৈ আগবাঢ়ে যদিও প্রাৰম্ভিক অৱস্থাতে বিসংগতি ৰৈ যোৱাত উদ্বিগ্ণ হৈছে ক্রীডাপ্রেমী৷ ডাঠ পিটনিৰ কেৱল ওপৰ অংশ পৰিষ্কাৰ কৰিয়েই তীব্রগতিত সংশ্লিষ্ট ঠিকাদাৰে কাম অব্যাহত ৰাখিছে৷আনকি এই অভিযোগ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰো কাষ পোৱাত বিধায়কগৰাকীয়ে গডকাপ্ঢানী গৃহ বিভাগৰ মুখ্য অভিযন্তা জ্যোতিষ শর্মাক লগত লৈ নির্মাণকার্য পর্যবেক্ষণ কৰি নির্মাণকাৰী প্রতিষ্ঠানক কঠোৰভাৱে এই দিশটোত গুৰুত্ব দিয়াৰ নির্দেশ দিয়ে৷ কিন্তু তাৰ পিছতো বিষয়টোত বিশেষ গুৰুত্ব নিদিলে৷ একমাত্র তীব্র গতিত কাম চলাই নিয়াৰ বাবেই এনে পদক্ষেপ লৈছে যদিহে এয়া বিজ্ঞানসন্মত নহয়৷ যাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক বিষয়টোত পুনৰবাৰ বিশেষভাৱে গুৰুত্ব দিয়াৰ আহ্বান জনাইছে৷ ইয়াৰ অন্যথা ছিপাঝাৰবাসী ৰাইজৰ ক্রীডা প্রকল্পক লৈ যি দীর্ঘদিনীয়া সপোন আছিল সেয়া কেৱল বুমেৰাং হৈ পৰিব৷ স্মর্তব্য যে এটা সময়ত ছিপাঝাৰত ক্রীডাৰ এটা সুপৰিৱেশ আছিল৷ আনকি বৰদলৈ ড্রফীৰ দৰে প্রতিযোগিতাতো ছিপাঝাৰৰ ফুটবল দলে অংশগ্রহণ কৰিছিল৷ কিন্তু একমাত্র ক্রীডাংগণৰ অভাৱৰ বাবেই ছিপাঝাৰত ক্রীডাৰ পৰিৱেশ স্তিমিত হৈ পৰে৷ এনে পৰিপ্রেক্ষিতত ছিপাঝাৰৰ ৰাইজৰ বহু আকাংক্ষিত ক্রীডা প্রকল্পৰ কাম–কাজ নিখুতভাৱে সম্পন্ন হোৱাটো বিচাৰিছে ছিপাঝাৰবাসী ৰাইজে৷

You might also like