নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি হয় ‘লক ডাউন’ ? ‘লক ডাউন’ হ’লে কি কি সেৱা অব্যাহত থাকে জানো আহক –

3,485

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ বাবে ভাৰতত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ৪১৫ জন হৈছেগৈ । লগতে ইয়াৰ ফলত দেশত ৭ জন লোকৰ মৃত্যু ঘটিছে । ইফালে দেশৰ সকলো প্ৰান্তৰ পৰা প্ৰতি মুহূৰ্ততে কভিদ ১৯ ৰ সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহি আছে । এনে সাম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ২২ খন ৰাজ্যৰ ৭৫ জিলাত লক ডাউন ঘোষণা কৰা হৈছে (আন ৰাজ্যতো লকডাউনৰ সম্ভৱনা)। পিচে এই লক ডাউনো আচলতে কি বা এনে ঘোষণা প্ৰযোজ্য হ’লে এখন ঠাইত কি কি সেৱা অব্যাহত থাকে জানো আহক –

এখন ৰাজ্যত হোৱা যিকোনো জৰুৰী সময়ৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰে কিছু নিৰ্দেশনা জাৰি কৰে। লক ডাউন প্ৰযোজ্য হ’লে চৰকাৰৰ সকলো নিৰ্দেশনা পালন কৰিবলগীয়া হয় । Epidemic Disease Act 1897 ৰ অধিনত চৰকাৰে যিকোনো মহামাৰীৰ সৈতে যুঁজিবলৈ কিছুমান আৱশ্যক নিৰ্দেশনা জাৰি কৰে ।

য’ত নাগৰিকসকলে চৰকাৰৰ সকলো নিৰ্দেশনা মানি চলিবলগীয়া হয় । কিয়নো কোনো এজন লোকৰ অমনোযোগিতাৰ বাবে হাজাৰ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়ায় আনিব পাৰে ।

উত্তৰ প্ৰদেশৰ ১৫ খন জিলাত লক ডাউন ঘোষণা কৰা হৈছে । ইয়াৰ অৰ্থ এয়ে যে এই ১৫ খন জিলাত কোনো লোকেই অত্যন্ত জৰুৰী কামৰ অবিহনে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে ।

– লক ডাউন প্ৰযোজ্য হোৱা জিলাত সকলো দোকান-পোহাৰ, মল, কেফে, ব্যৱসায়ীক কেন্দ্ৰ আদি বন্ধ থাকিব

– একেললগে ৪ জনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব

-লক ডাউন হোৱা চহৰত সকলো কাৰ্যসূচী বাতিল কৰা হয়

-সকলো চৰকাৰী-বেচৰকাৰী বাহন চলাচল বন্ধ কৰা হয়

-লক ডাউন হোৱা চহৰৰ সকলো নাগৰিককে তেওঁলোক নিজৰ ঘৰত থাকিবলৈ অনুৰোধ কৰা হয়

-অৱশ্যে কিছুমান আৱশ্যকীয় সেৱা অব্যাহত থাকে, যাতে নাগৰিকসকলৰ কোনোধৰণৰ অসুবিধা নহয়

কোনবোৰ জৰুৰী সেৱা অব্যাহত থাকে

-মেডিকেল ষ্টৰ ২৪ ঘণ্টাই খোলা থাকিব

-অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণী খোলা থাকিব, কিন্তু অত্যাধিক লোক একগোট হ’ব নোৱাৰিব

-শাক-পাচলী আৰু ফলমূলৰ দোকান যোগান অব্যাহত থাকিব

– Food Processing Unit খোলা থাকিব

– পেট্র’ল পাম্প খোলা থাকিব পাৰে কিন্তু স্থানীয় প্ৰশাসনে অতি জনসমাগম স্থানত সাম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বন্ধ ৰাখিব পাৰে

-টেলিকম কোম্পানীসমূহে তেওঁলোকৰ জৰুৰী সুবিধাসমূহ খোলা ৰাখিব পাৰে

-বেংক আৰু এটিএম খোলা ৰাখিব পাৰে

– এনে সময়ত এম্বুলেন্স সেৱা বৃদ্ধি কৰা হয়

লক ডাউনৰ সময়ত কোন কোন বাহিৰলৈ ওলাব পাৰে ?

-আৰক্ষী
-ডাক্তৰ
-চাফাইকৰ্মী
-প্ৰশাসনিক বিষয়া
-সংবাদ কৰ্মী

উল্লেখ্য যে এই সকল লোকো সম্পূৰ্ণ সুৰক্ষাৰ সৈতেহে বাহিৰলৈ যাব পাৰে । লগতে এই সময়ত মাস্কৰ ব্যৱহাৰ কৰাটো জৰুৰী ।

যদি কোনোয়ে প্ৰশাসনৰ এই নিৰ্দেশনা উলংঘন কৰে, তেতিয়া কেনেধৰণৰ শাস্তিৰ সন্মুখীন হ’ব

– IPC ৰ ১৮৮ ধাৰাৰ অধীনত জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে

– যদি কোনো ব্যক্তিয়ে নিজৰ ক’ৰোনা সংক্ৰমণৰ কথা লোকোৱাই, তেন্তে তেওঁৰ ওপৰত IPC ৰ ২৬৯ আৰু ২৭০ নং ধাৰাৰ অধীনত গোচৰ ৰুজু হ’ব পাৰে ।

You might also like