নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালীৰ মৃত্যু উপত্যকাত উদ্ধাৰ অভিযান অসম সন্তানৰ

এয়াৰ ইণ্ডিয়াৰে শ শ ভাৰতীয়ক স্বদেশলৈ প্ৰেৰণ কৰি ৰোমতে আৱদ্ধ গৌতম বৰঠাকুৰ

54

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ গভীৰ সংকটৰ সময়ত প্ৰাচীন ইউৰোপীয় সভ্যতা। যেন মৃত্যু উপত্যকাত পৰিণত হৈছে ইউৰোপীয় সভ্যতাৰ কেন্দ্ৰ ৰোম। ইটালীৰ চৌদিশে এতিয়া মৃত্যুৰ হাত বাউলী। ক’ৰণা ভাইৰাছে থানবান কৰি দিছে প্ৰাচীন ইটালীৰ চহৰসমূহ। ৰোম মিলান আদিত এতিয়া মৃতদেহৰ দ’ম। এই মৃত্যু উপত্য়কাত নিজৰ জীৱন তুচ্ছ কৰি উদ্ধাৰ অভিযানত ব্যস্ত এজন অসম সন্তান। গৌতম বৰঠাকুৰ তেওঁৰ নাম। ইটালীত কৰ’ণা ভাইৰাছে মৃত্যুদূতৰ ৰূপ লোৱাৰ সময়তে ইউৰোপীয় দেশখনত বন্দী হৈ আছিল প্ৰায় ৩০০ ভাৰতীয়। ভাৰত চৰকাৰে বাৰে বাৰে সংযোগ স্থাপন কৰিছিল এয়াৰ ইণ্ডিয়াৰ বিষয়াসকলৰ সৈতে ৰোমৰ এয়াৰ ইণ্ডিয়াৰ এয়াৰপৰ্ট মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা গৌতম বৰঠাকুৰে মূৰ পাতি লৈছিল প্ৰতিগৰাকী ভাৰতীয়ক উদ্ধাৰ কৰি নিজ দেশলৈ প্ৰেৰণ কৰাৰ। কেইবাটাও নিশা উজাগৰে কটাই উদ্ধাৰ অভিযানত নামি পৰিছিল গৌতম বৰঠাকুৰ। ইতিমধ্যে ৰোম আৰু মিলানৰ সৈতে বহিঃবিশ্বৰ সকলো বিমানৰ যোগাযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে। তেনে অৱস্থাত এয়াৰ ইণ্ডিয়াই ৰোমলৈ প্ৰেৰণ কৰিছিল বয়িং৭৭৭ এখন বিশেষ বিমান। এই বিমানখনৰে যোৱা দেওবাৰে গৌতম বৰঠাকুৰে অতি কষ্টৰে উদ্ধাৰ কৰা ২৬৩জন ভাৰতীয় যাত্ৰীক নিজ দেশলৈ প্ৰেৰণ কৰে। মৃত্যু উপত্যকা ইটালীৰ পৰা সুকলমে ২৬৩জন যাত্ৰী ৰাজধানী দিল্লী পালেহি। কিন্তু সেই মৃত্যু হাতবাউলীৰ মাজতেই ৰৈ গ’ল গৌতম বৰঠাকুৰ। এয়াৰ ইণ্ডিয়াই কিছুদিন ইটালীত থকাটো বিচাৰিছে এয়াৰপৰ্ট মেনেজাৰ গৌতম বৰঠাকুৰ। সেয়ে শেষৰখন বিমানতো জন্মভূমিলৈ উভটিব নোৱাৰিলে অসম সন্তানজন। দেশসেৱাৰ লগতে মানৱসেৱাত ব্ৰতী এই অসম সন্তানজনক ৰোমতে আছুতীয়াকৈ থোৱাৰ ব্যৱস্থা কৰিছে এয়াৰ ইণ্ডিয়াই। এই পৰ্যন্ত তেওঁ কুশলে আছে বুলি পৰিয়ালৰ লোকক জনাইছে। গুৱাহাটীৰ হাতীগাঁৱৰ বাসিন্দা গৌতম বৰঠাকুৰে ডেৰ বছৰ পূৰ্বে ৰোমৰএয়াৰ ইণ্ডিয়াৰ এয়াৰপৰ্ট মেনেজাৰ হিচাপে যোগদান কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ কাৰ্যালয়ত বিষয়া হিচাপে কৰ্মৰত আছিল। এয়াৰ ইণ্ডিয়াৰ বিষয়াসকলৰ এনে মানৱ সেৱাৰ প্ৰশংসাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে উল্লেখ কৰিছে-মানৱতাৰ বাবে নিজৰ জীৱনক তুচ্ছ কৰি সাহসিকতাৰ পৰিচয় দিয়া এয়াৰ ইণ্ডিয়াৰ বিষয়াসকলক লৈ মই গৌৰৱবোধ কৰিছো। এয়াই প্ৰকৃত মানৱসেৱা। ‘মৃত্যুৰ উপত্যকাত মৃত্যুৰ সৈতে যুঁজি মানৱসেৱাৰ অপূৰ্ব নিৰ্দশন দাঙি ধৰা অসম সন্তানজনক লৈ প্ৰতিজন অসমবাসীয়েই গৌৰৱান্বিত। সকলোৰে প্ৰাৰ্থনা’-কুশলে থাকক গৌতম বৰঠাকুৰ

You might also like