নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী–বন বিভাগৰ জ্ঞাতসাৰে চলিছে অবৈধ সৰবৰাহ

দক্ষিণ কামৰূপত শিল–বালিভর্তি ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্য

39

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ আৰক্ষী–প্রশাসন তথা বন বিভাগৰ কমিছনৰাজৰ বাবে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত শিল, ৰঙামাটি, নিশাৰ ভাগত কয়লা আৰু বালিভর্তি ড্রাক–ডাম্পাৰৰ মুকলি দৌৰাত্ম্য চলিছে৷ ইয়াৰ ফলত সর্বসাধাৰণ ৰাইজ বিপাঙত পৰিছে যদিও জিলা তথা স্থানীয় আৰক্ষী–প্রশাসন তথা বন বিভাগে এই দৌৰাত্ম্য ৰোধৰ কোনো ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ এই দৌৰাত্ম্য ৰোধৰ বাবে স্থানীয় সচেতন লোক, বিভিন্ন দল–সংগঠনৰ বিষয়ববীয়াই সময়ে সময়ে আৰক্ষী–প্রশাসন তথা বন বিভাগক দাবী জনাই আহিছে যদিও এই বিভাগবোৰে বিষয়টোক গুৰুত্বসহকাৰে লোৱা নাই৷ অভিযোগ অনুসৰি আৰক্ষী প্রশাসন তথা বন বিভাগক এই ড্রাক–ড্রাম্পাৰৰ মালিকে মাহিলি হাৰত আগবঢ়াই আহে কমিছন৷ যাৰবাবে ৰাইজে অভিযোগ দিলেও তালৈ ভ্রূক্ষেপ নকৰে আৰক্ষী–প্রশাসন তথা বন বিভাগে৷ উল্লেখ্য যে কুলশী, লোহাৰঘাট আদি কেইবাঠাইৰ পৰা সৰবৰাহ হোৱা বালিভর্তি ড্রাক–ডাম্পাৰৰ মুকলি দৌৰাত্ম্য চলাৰ লগতে একাংশ মাটি বেপাৰীয়ে ৰাণী, বৰিহাট, লোহাৰঘাট আদি ঠাইৰ পৰা আৰক্ষী–প্রশাসন তথা বন বিভাগৰ জ্ঞাতে–জ্ঞাতে পাহাৰৰ ৰঙামাটি বা অন্য পথাৰ, নদ–নদীৰ মাটি কটাৰ লগতে মেঘালয়ৰ পৰা নিশাৰ ভাগত সৰবৰাহ কৰা কয়লা পলাশবাৰী অঞ্চলৰ কেইবাটাও পথৰ উপৰি ৩৭নং ৰাষ্ট্রীয় ঘাইপথ হৈ অনিয়ন্ত্রিত হাৰত সৰবৰাহ কৰি আহিছে৷ কিন্তু এই ব্যৱসায়ক নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নহয় আৰক্ষী–প্রশাসন তথা বন বিভাগ৷ তদুপৰি মহানগৰীৰ ৰাণী অঞ্চলৰ আশে–পাশে তথা চুবুৰীয়া মেঘালয় পাহাৰত স্থাপন কৰা বিভিন্ন শিলৰ কোৱেৰী আৰু ক্রেছাৰ মেচিনৰ পৰা অনিয়ন্ত্রিত হাৰত সৰবৰাহ কৰা শিল–মাটিভর্তি ড্রাক–ডাম্পাৰৰ দৌৰাত্ম্যত বিপর্যস্ত হৈ পৰিছে জনসাধৰণ৷ এই ড্রাক–ডাম্পাৰৰ দৌৰাত্ম্য ইমান যে অঞ্চলটোৰ বাট–পথ, ধূলি–মাকতিৰে ভৰি পৰি ৰাইজৰ লগতে পথচাৰীক তীব্র যাতনা ভোগায়৷ গুৰুত্বপূর্ণ বিষয় যে আৰক্ষী–প্রশাসন তথা বন বিভাগৰ আশীর্বাদত অঞ্চলটোৰ জনসমাগমপূর্ণ পথৰ কাষতে স্থাপন কৰা হৈছে কেইবাটাও ক্রেছাৰ মেচিন৷ এই মেচিনৰ পৰা নিতৌ উৰি অহা শিল–বালিৰ ধূলি–বালিয়েও পথচাৰীক বিপাঙত পেলোৱাৰ বাবে স্থানীয় সচেতন লোকে বিভাগীয় কর্তৃপক্ষক সঘনাই অভিযোগ দিয়ে যদিও ক্রেছাৰ মেচিনৰ মালিক পক্ষই আৰক্ষী–প্রশাসন তথা বন বিভাগক মেনেজ কৰা কথাৰে চর্চা চলে৷ এইক্ষেত্রত ৰাজ্যৰ পৰিবহণ বিভাগে বিভিন্ন যান–বাহন আইন প্রচলন কৰিছে যদিও এই আইনক অংগুষ্ঠ প্রদর্শন কৰি নম্বৰ প্লেটবিহীনভাৱে বা চালানবিহীনভাৱেও ৰাণী, পলাশবাৰীত শিল–মাটি আদি সামগ্রী সৰবৰাহ কৰাৰ অভিযোগ উঠিছে৷ আনহাতে, অভিযোগ অনুসৰি নিজৰ স্বাথসিদ্ধিৰ বাবেই জিলা উপাযুক্ত কমল বৈশ্য, পৰিবহণ বিষয়া গৌতম দাস সঘনাই পলাশবাৰী অঞ্চলটোলৈ আহে যদিও এই বিষয়বোৰত বিশেষ কটকটীয়া ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like